ডিজিটেল ডেস্কঃ বিদ্যালয়ৰ মাধ্যম বিতৰ্কক লৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। ৰিপুণ বৰাই কয়- বিজেপি চৰকাৰে বিদ্যালয় বন্ধ, মাধ্যম সলনি আদি কাৰ্যৰ জৰিয়তে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ ফন্দি পাতিছে। ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা অসমীয়া ভাষাক সংকটৰ মুখলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত বহি:ৰাজ্যৰ হিন্দীভাষী শিক্ষকক নিযুক্তি দিয়া কাৰ্যও এই চৰকাৰৰ দিনত সংঘটিত হৈছে বুলি ৰিপুন বৰাই মন্তব্য কৰে।
ৰিপুন বৰাই কয় যে ‘এতিয়া তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অংক আৰু গণিত বিষয় দুটাৰ শিক্ষা গ্ৰহণ ইংৰাজী মাধ্যমত বাধ্যতামূলক কৰি একপ্ৰকাৰে অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে। লগতে তেওঁ কয় যে সম্প্ৰতি অসমীয়া ভাষাৰ প্ৰধান শত্ৰু কোনোবা আছে যদি সেয়া হৈছে বিজেপি আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ইয়াক আমি ৰোধিব লাগিব। ইফালে অসম তৃণমূল কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অসমীয়া ভাষা বিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম চলাই যাব আৰু মাধ্যম সলনি কৰাৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও ঘোষনা কৰে ৰিপুণ বৰাই ।