বনিতা বড়ো
ইম্ফল,২ আগষ্ট: টকিও অলিম্পিকত দেশৰ বাবে ৰূপৰ পদক আজুৰি অনা ছাইখম মীৰাবাঈ চানুৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব মণিপুৰি ছবি। ইম্ফলৰ সেউতী ফিল্ম প্ৰডাকচনে এই সম্পৰ্কে এখন চুক্তিত স্ৱাক্ষৰ কৰে। ইম্ফল ইষ্ট জিলাৰ নংপোক কাকচিং গাৱত থকা চানুৰ বাসগৃহলৈ গৈ চুক্তি স্ৱাক্ষৰ কাৰ্য সম্পাদন কৰে সেউতী প্ৰডাকচনে। ছবিখন মণিপুৰি ভাষাত নিৰ্মাণ কৰা হ’ব যদিও ইংৰাজীকে আদি কৰি ভালেকেইটা ভাৰতীয় ভাষালৈ ডাবিং কৰা হ’ব বুলি প্ৰকাশ কৰিছে প্ৰডাকচন কোম্পানীৰ অধ্যক্ষ মানাওবী এম এমে। মীৰাবাঈ চৰিত্ৰটি ৰূপায়ণৰ বাবে তেওঁলোকে খেলুৱৈগৰাকীৰ দেহৰ গঠন,বয়স উচ্চতা আদি মিলা অভিনেত্ৰী বিচাৰিব বুলি পি টি আইৰ আগত তেওঁ ব্যক্ত কৰে।