শীঘ্ৰে বিশ্ব অভিলেখত অংশ লোৱা বিহুৱা- বিহুৱতীয়ে লাভ কৰিব ২৫ হাজাৰকৈ টকা

Share

৯ জুনত অনুষ্ঠিত হোৱা বিদ্যালয়ত অলিম্পিক মুল্যবোধ কাৰ্যসূচী, ইএছআই চিকিৎসকৰ সেৱাবিধি সংশোধন, জিএছটিৰ অধ্যাদেশকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

কেবিনেট বৈঠকত বিশ্ব অভিলেখত লোৱা বিহুৱা- বিহুৱতীক চলিত মাহৰ ২৮-২৯ জুনত প্ৰতিখন জিলাতে ২৫ হাজাৰকৈ টকা মাননি দিয়াৰ পূৰ্বৰ ঘোষণা কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত লয়।আনহাতে, এই বিশ্ব অভিলেখত সংৰক্ষিত হিচাপে থাকি যোৱা বিহুৱা- বিহুৱতীসকলক ১০ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও কেবিনেটে লোকসেৱা অধিকাৰ সন্দৰ্ভত অধ্যাদেশক অনুমোদন জনায়। অধিসূচনাপ্ৰাপ্ত লোকসেৱা অধিকাৰ প্ৰদান ব্যৱস্থাত উন্নত কৰাৰ লগতে আৰটিপিএছ আবেদন প্ৰণালী শক্তিশালীকৰণৰ বাবে অসম লোকসেৱা অধিকাৰ অধ্যাদেশ, ২০২৩ জাৰি কৰা হ’ব।ইয়াৰ জৰিয়তে প্ৰস্তাৱিত সংশোধনীয়ে অৰ্ধ- ন্যায়িক সংস্থা হিচাপে কাম কৰাৰ ক্ষমতা প্ৰদানেৰে এগৰাকী মুখ্য আয়ুক্ত আৰু দুগৰাকী আয়ুক্তৰ সৈতে এক  তিনিজনীয় স্বতন্ত্ৰ আয়োগ ‘ অসম ৰাজ্যিক লোকসেৱা আয়োগ’ গঠন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *