১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ সন্মুখত বিয়লি ৪:৪৫বজাত ১০,০১০ গৰাকী বিহুৱা বিহুৱতী সকলে বিহু নৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃত্য প্ৰদৰ্শন কৰি গঢ়িব বিশ্বৰ অভিলেখ। তাৰ পূৰ্বে গীণিজ বুক অনুষ্ঠানত ঢোল বজাবলৈ , নাচিবলৈ অহা ঢুলীয়া নাচনীৰ দেখা গ’ল হাহাকাৰ অৱস্থা, থাকিবলৈ বা শুবলৈ নাই কোনো ব্যৱস্থা, খোৱা বোৱাৰ বাবে নাই কোনো ব্যৱস্থা।
মহানগৰীৰ ৰয়েল গ্লৱেলৰ সন্মুখত বিহুৱা বিহুৱতীৰ সন্মুখত ৰাজপথত উজাগৰী নিশা কটালে বিহুৱা- বিহুৱতীয়ে। ইয়াৰ লগতে ক্ষোভ প্ৰকাশ কৰিলে ডিব্ৰুগঢ়ৰ পৰা অহা ১৫০০ বিহুৱা- বিহুৱতীয়ে।
উল্লেখ্য যে গুৱাহাটীৰ হোটেল- লজৰ কোঠা বুক কৰা হৈছে আগন্ত ৪-৫ দিনৰ বাবে। তাজ ভিবান্টা, ৰেডিচন ব্ল’ল দৰে বিলাসী হোটেলৰ লগতে মহানগৰীৰ লজ অতিথিশালা বুক কৰিছে প্ৰশাসনে। তাৰ পিছতো হাহাকাৰ অৱস্থাত দেখা গ’ল জিলাসমূহৰ পৰা অহা ঢুলীয়া আৰু নাচনী সকলৰ মাজত।