চাহ বাগিচা আদৰ্শ বিদ্যালয়ত নতুন অধ্যায়—সংগীত শিক্ষকৰ নিযুক্তি, সাংস্কৃতিক প্ৰতিযোগিতাৰ শুভাৰম্ভ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ লগতে সংস্কৃতি ক্ষেত্ৰতো আৰম্ভ হৈছে এক নতুন যুগ। চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহত সংগীত শিক্ষক নিযুক্তি প্ৰদান কৰা হৈছে। এই সংগীত শিক্ষকসকলৰ দৰমহা আদায় দিব হান্স ফাউণ্ডেচনে। ৰাজ্য চৰকাৰৰ আহ্বানৰ ভিত্তিতেই এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে হান্স ফাউণ্ডেচনে।
ইয়াৰ লগতে চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহত আজিৰে পৰা আৰম্ভ হৈছে সাংস্কৃতিক প্ৰতিযোগিতা। এই প্ৰতিযোগিতা ৭ জানুৱাৰী পৰ্যন্ত চলিব। বিদ্যালয় পৰ্যায়ৰ লগতে সমান্তৰালকৈ জিলা আৰু ৰাজ্যিক পৰ্যায়তো এই সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। বৰ্তমান ৰাজ্যত মুঠ ১১৮খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আছে। এইপৰ্যন্ত ২২ গৰাকী সংগীত শিক্ষক নিযুক্তি দিয়া হৈছে। শোণিতপুৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ৫৪খন বিদ্যালয়ত এই ২২জন শিক্ষক নিযুক্তি লাভ কৰিছে।
এই তথ্য জনালে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে। উল্লেখযোগ্য যে ২০২২ চনত স্থাপন কৰা হৈছিল চাহ বাগিচা আদৰ্শ বিদ্যালয়। প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষত এই বিদ্যালয়সমূহত ১৬ হাজাৰ শিক্ষাৰ্থী নামভৰ্তি কৰিছিল। বৰ্তমান এই সংখ্যা বৃদ্ধি পাই ৩১ হাজাৰ ৬০০ জনলৈ উন্নীত হৈছে। শিক্ষাৰ্থীৰ এই অভূতপূৰ্ব বৃদ্ধিয়ে চাহ জনগোষ্ঠীৰ মাজত শিক্ষাৰ লগতে সংস্কৃতিৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহ স্পষ্ট কৰি তুলিছে।
শিক্ষাবিদসকলৰ মতে, সংগীত শিক্ষক নিযুক্তি আৰু সাংস্কৃতিক প্ৰতিযোগিতাই চাহ বাগিচা অঞ্চলৰ শিশু-বালকসকলৰ প্ৰতিভা বিকাশত এক নতুন দিশ প্ৰদান কৰিব।