প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰাজনৈতিক যাত্ৰাত নতুন সিদ্ধান্ত ল’লে।২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বতেই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন সভাপতিগৰাকীয়ে।ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ভূপেন বৰাই।পদত্যাগ পত্ৰ পোৱাৰ পিছত ভূপেন বৰাৰ বাসগৃহত গৌৰৱ গগৈ,ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে আন নেতাসকল উপস্থিত হয়।কিন্তু নিজ গৃহৰ পৰা ওলাই গৈছিল ভূপেন বৰা।কালি সন্ধিয়া এক সংবাদমেলৰ আয়োজন কৰি ভূপেন বৰাই নিজ ইচ্ছাৰে দল ত্যাগ কৰাৰ কথা অৱগত কৰে।সকলোৰে পৰা সময় বিচাৰি নিজ পত্নীৰ সৈতে আলোচনা কৰি সিদ্ধান্ত জনোৱাৰ কথা উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত।ৰকিবুল হুছেইনৰ প্ৰতিও ক্ষোভিত হৈ পৰিছে সভাপতিগৰাকী।তেওঁ কয় যে-‘‘মই পদত্যাগ কৰাটো সচাঁ কথা।স্বাভিমানৰ প্ৰশ্ন আহিছে,সেইবাবে পদত্যাগ কৰিছোঁ।দল কেনেকৈ চলিছে কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ।’’ দল ত্যাগৰ পিছতেই চৰ্চাত আহিছে ভূপেন বৰা।
আজি ভূপেন বৰাক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ভূপেন বৰাই বিজেপিত যোগদান কৰিলে ভূপেন বৰাক জয়ৰ সম্ভাৱনা থকা সমষ্টি দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে বুলি কোৱাৰ লগতে আন দলত যোগদান কৰিলেও শুভেচ্ছা জনোৱাৰ কথা ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই।কিন্তু বৰ্তমানলৈকে ভূপেন বৰাই কোনোধৰণৰ সিদ্ধান্ত জনোৱা নাই । আলোচনাৰ শেষত ভূপেন বৰাই বিজেপিত যোগদান কৰি ২০২৬ ৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে ,পুনৰ কংগ্ৰেছ দললৈ ঘূৰি যাব সেয়া ভূপেন বৰাই অৱগত কৰাৰ পিছতহে গম পোৱা যাব।