মাজুলীৰ আউনীআটী সত্ৰত অনুষ্ঠিত ভাওনা সমাৰোহ

Share

বৃহস্পতিবাৰৰ পৰা মাজুলীত অনুষ্ঠিত হৈছে দশম বৰ্ষৰ ভাওনা সমাৰোহ। অজস্ৰ লোকেৰে ভৰি পৰিছে আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰ। চাৰিওফালে কেৱল উদুলি-মুদুলি পৰিৱেশ। পূৱাৰে পৰা আউনীআটী সত্ৰত দেখা গৈছে লোকৰ অভিভূত পৰিৱেশ। গীত-মাত দেৱ বাদ্যৰ ধ্বনিৰে মুখৰিত হৈছে আউনীআটি সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰ। এইবাৰ ১৪ হাজাৰ মহিলাৰ দিহানামৰে শুভাৰম্ভণি কৰা হয় অনুষ্ঠিত হোৱা ভাওনাৰ কাৰ্যসূচী। ইয়াৰ পূৰ্বে কৰা হয় পতাকা উত্তোলন আৰু গুৰু আসন প্ৰতিষ্ঠা।দুপৰীয়া পৰিৱেশন কৰা হয় দিহানাম। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ১৪ হাজাৰ মহিলাই মিলি পৰিৱেশন কৰে দিহানাম। লগতে এইবাৰ অনুষ্ঠিত হব ১৩ দিনীয়া ভাওনা সমাৰোহ। ইয়াত পৰিবৱেশন কৰা হব মুঠ ২৭ খন ভাওনা। তাৰে ২৪ খন হ’ব প্ৰতিযোগিতাৰ বাবে আৰু বাকী ৩ খন হ’ব প্ৰদৰ্শনীমূলক। বৃহস্পতিবাৰে এই অনুষ্ঠানত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *