গুৱাহাটী, ২৮ ডিচেম্বৰঃ ২০২৪বৰ্ষৰ জানুৱাৰীৰ পৰা ৰাজ্যৰ গ্ৰাহকসকল বঞ্চিত হ’ব ৰেচনৰ চাউল উপভোগৰ পৰা।৩৩,৫৭৭খন সুলভমূল্যৰ দোকানত ওলমোৱা হব তলা। ৰাজ্যখনৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালক চৰকাৰী আঁচনিৰ চাউল যোগান ধৰি অহা সমবায় এজেণ্টসকলৰ প্ৰাপ্য আদায় নিদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা বিবেচনাহীন ভূমিকাৰ বাবে সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থাই অৱশেষত ৰাজ্যজুৰি কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, প্ৰাপ্য পুঁজি আদায় নিদিয়া সন্দৰ্ভত বহুবাৰ মুখ্যমন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী , ৰাজ্যপাল, প্রধান মন্ত্ৰী সকলো দায়িত্বশীল পক্ষক ৰাজ্যিক সমিতিৰ তৰফৰ পৰা লিখিত আবেদন যোগে স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিল । কিন্তু এনেবোৰ গুৰুত্বপূৰ্ণ তথা বিবেচিত বিষয়ৰ গুৰুত্বক বছৰ বছৰ ধৰি চৰকাৰে উপেক্ষা কৰি আহিছিল। যাৰ ফলশ্ৰুতিত এজেণ্টসকলে এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
সদৌ ভাৰত সুলভ মূল্য ব্যৱসায় ফেডাৰেচনৰ সৰ্ব সন্মত সিদ্ধান্ত অনুসৰি “কৰিম অথবা মৰিম” শীর্ষক সংকল্পৰে ক’লা বেজ পৰিধান কৰি ৰাজ্যখনৰ সমবায় এজেন্টসকলে ডিচেম্বৰ মাহৰ চৰকাৰী আঁচনিৰ চাউল উপভোক্তা ৰাইজৰ মাজত বিতৰণ কৰিব যদিও প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে ১ জানুৱাৰীৰ পৰা অনির্দিষ্ট কাললৈ “ৰেচন বন্ধ” কাৰ্যসূচী পালন কৰিব ।সেই মৰ্মে আগন্তুক জানুৱাৰী মাহৰ পৰা সমবায় এজেন্টসকলে ৰাজ্যখনৰ এজনো হিতাধিকাৰীক কোনো ধৰণৰ চৰকাৰী আঁচনিৰ চাউল বিতৰণ নকৰে।