নিউজ ডেস্ক, ২৫ আগষ্ট: দেশৰ মানচিত্ৰত সংযোজন ঘটিব এখন কেন্দ্ৰীয়শাসিত ৰাজ্য। পশ্চিমবংগৰ সাতখন আৰু অসমৰ ছখন মুঠ ১৩ খন জিলাক লৈ গঠন হ’ব এই নতুন কেন্দ্ৰীয়শাসিত ৰাজ্যখন। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে । উল্লেখ্য যে, কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্যত উত্তৰবঙ্গৰ সাত জিলাৰ মালদাহ, উত্তৰ দিনাশপুৰ, দক্ষিণ দিনাশপুৰ, দাৰ্জিলিং, জলপাইগুৰি, আলিপুৰ, কোচবিহাৰ আৰু অসমৰ ধুবুৰী, কোকৰাঝাৰ , চিৰাং, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা অন্তৰ্ভুক্ত হ’ব। অনন্তৰায় মহাৰাজে প্ৰকাশ কৰা অনুসৰি, ভাৰত চৰকাৰে ইতিমধ্যে কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ দিশে অগ্ৰসৰ হৈছে। অঞ্চলটোক লৈ কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ কোনো সমস্যা নাই বুলি জনাইছে।অচিৰেই এই নতুন কেন্দ্ৰীয়শাসিত ৰাজ্যখন গঠন হ’ব বুলি মহাৰাজে উল্লেখ কৰি তেওঁ অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য গঠন হ’ব বুলি আশা ব্যক্ত কৰে।
উল্লেখ্য যে, পৃথক কমতাপুৰ ৰাজ্য দাবী কৰি অহা বিভিন্ন সংগঠনেও দশকৰ পিছত দশক জুৰি উত্তৰবঙ্গ আৰু অসমৰ একাংশ অঞ্চলক সামৰি কমতাপুৰ ৰাজ্য গঠনৰ দাবী কৰি আহিছে । আনকি এই দাবীক লৈ সশস্ত্ৰ সংগঠন কে অ’ৰো জন্ম হৈছে। মন কৰিবলগীয়া যে, বিগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে চিৰাং জিলাস্থিত অনন্তৰায় মহাৰাজৰ বাসভৱনলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
|
|