আইপিএল ২০২৫ পুনৰ আৰম্ভ হোৱাৰ পূর্বেই পঞ্জাব কিংছ, গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ খেলুৱৈ সলনি কৰাৰ কথা ঘোষণা

Share

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ৰ অন্তিম পৰ্যায়ৰ খেল আৰম্ভ হোৱাৰ পূৰ্বে বি চি চি আইয়ে সলনি কৰিছে কিছু নিয়ম আৰু লগতে বি চি চি আইয়ে সকলো দলকে খেলুৱৈ সলনি কৰাৰ অনুমতি প্ৰদান কৰিছে। এই ক্ৰমত পঞ্জাব কিংছ (PBKS), গুজৰাট টাইটানছ (GT) আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (LSG)য়ে নিজৰ দলত বৃহৎ পৰিৱৰ্তন কৰাৰ লগতে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱা খেলুৱৈসকলক সলনি কৰাৰ কথা ঘোষণা কৰিছে।

২০২৫ চনৰ আই পি এলত উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা পঞ্জাব কিংছে আঘাতপ্ৰাপ্ত লকি ফাৰ্গুচনৰ ঠাইত কাইল জেমিছনক ২ কোটিৰ বিনিময়ত দলত অন্তৰ্ভুক্ত কৰে। ইয়াৰ লগতে,শুবমান গিল নেতৃত্বাধীন গুজৰাট টাইটানছতো খেলুৱৈৰ মাজতো কৰা হৈছে পৰিৱৰ্তন। ২০২৫ চনৰ ২৫ মে’ত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে GT ৰ অন্তিমখন লীগ পৰ্যায়ৰ মেচৰ পিছত ২৬ মে’ত ৰাষ্ট্ৰীয় কৰ্তব্যৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ’বলগীয়া তাৰকা উইকেটকীপাৰ-বেটছমেন জোছ বাটলাৰৰ সলনি শ্ৰীলংকাৰ কুছাল মেণ্ডিছক ৭৫ লক্ষ টকাৰ বাবদ দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰোপৰি,লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে আঘাতপ্ৰাপ্ত ময়ংক যাদৱৰ ঠাইত নিউজিলেণ্ডৰ বেগী বলাৰ উইলিয়াম অ’ৰ’ৰ্কক ৩ কোটিৰ টকাৰ বিনিময়ত দলত অন্তৰ্ভুক্ত কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *