ডিজিটেল ডেস্কঃ টুইট কৰাৰ বাবেই ৩৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে এগৰাকী মহিলাক। ছালমা অল ছাহেবাব নামৰ এগৰাকী মহিলাক মহিলাৰ অধিকাৰ সন্দৰ্ভত ৰিটুইট কৰাৰ বাবে ৩৪ বছৰৰ কাৰাদণ্ড বিহিছে চৌদি আৰব প্ৰসাশনে।লগতে ৩৪ বছৰ কাৰাদণ্ড সম্পূৰ্ণ হোৱাৰ পিছত ভ্ৰমণৰ ওপৰতো সম্পূৰ্ণৰূপে নিষেধজ্ঞা জাৰি কৰিছে মহিলাগৰাকীৰ ওপৰত।
উল্লেখ্য যে কাৰাবন্দী হৈ থকা সমাজকৰ্মীৰ লগতে অন্য মহিলাক মুক্ত কৰিবলৈ দাবী উত্থাপনৰ বাবে ৰিটুইট কৰিছিল ছালমা অল ছাহেবাবে। যাৰ বাবে মহিলাগৰাকীৰ ওপৰত চৌদি আৰব চৰকাৰে বিহিছে ৩৪ বছৰীয়া কাৰাদণ্ড । মহিলীগৰাকীক কাৰাদণ্ড বিহাৰ পিছত চৌদি আৰবৰ চৰকাৰে কয় যে টুইটৰ যোগেৰে অশান্তি বিয়পাব খুজিছে ছলমাই।যাৰ পৰিপ্ৰেক্ষিতত এনেধৰনৰ কঠোৰ সিদ্ধান্ত লব লগীয়া হল মহিলাগৰাকীৰ ওপৰত।