আ ই পি এলত শ্বাৰুখ খানৰ দলে ৰাখিব নোৱাৰিব বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক। বি চি চি আই নিৰ্দেশ কলকাতা নাইট ৰাইৰ্ডাছক। কিন্ত এতিয়াও কোনোধৰণৰ এই সন্দৰ্ভত কে কে আৰে কোনোধৰণৰ বিবৃতি প্ৰকাশ কৰা নাই যদিও কে কে আৰে কথাটো মানি চলিব বুলি বি চি চি আইৰে আশা প্ৰকাশ কৰিছে।
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক কে কে আৰে দলত অন্তৰ্ভূক্ত কৰা বাবে সৃষ্টি হোৱা বিৰ্তকৰ মাজতে শনি বাৰ্ বি চি চি আয়ে শ্বাৰুখ খানৰ মালিকাধীন ফ্ৰেন্সাইজিটোক আগন্তক আই পি এলৰ ছিৰ্জনৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰগৰাকী দলৰ পৰা বাদ দিবলৈ কয়। বি চি চি আই সচিব দেৱজিৎ শইকীয়াই ৰাষ্টীয় সংবাদ মাধ্যম এ এন আইক জনোৱা মতে, “শেহতীয়া পৰিস্থিতি নিৰীক্ষণ কৰি বি চি চি আয়ে আই পি এলৰ ফ্ৰেন্সাইজি কে কে আৰক তেওঁলোকৰ দলৰ পৰা মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে । তেওঁক মুকলি কৰি দিয়াৰ পিছত যদি কে কে আৰৰ পৰা কোনো অনুৰোধ আহে, তেন্তে বি চি চি আয়ে সেইটো বিবেচনা কৰি তেওঁৰ স্থানত নতুন খেলুৱৈৰ ব্যৱস্থা কৰিব ।”
বিশে সুত্ৰ অনুসৰি,ৰাইজৰ পৰা তীব্ৰ চাপৰ সৃষ্টি হ’লেও কে কে আৰে বাংলাদেশৰ পেচাৰগৰাকীক দলৰ পৰা আঁতৰাবলৈ ‘প্ৰস্তুত নাছিল’ যাৰ বাবে বি চি চি আয়ে এই পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হয় । অৱশ্যে কে কে আৰে এতিয়াও বি চি চি আইৰ সিদ্ধান্ত সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই যদিও ২৬ মাৰ্চৰ পৰা আই পি এলৰ ২০২৬ বৰ্ষৰ ছিজন আৰম্ভ হোৱাৰ পূৰ্বে ফ্ৰেন্সাইজিটোৱে এই নিয়ম মানি চলাৰ সম্ভাৱনা আছে ।