জয়শ্বাহে আই চি চিৰ অধ্যক্ষৰুপে দায়িত্ব লোৱাৰ পিছত খালী হৈছিল বি চি চি আইৰ সচিবৰ পদ।বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে নিযুক্তি প্ৰদান কৰে দেৱজিৎ শইকীয়াক।ভাৰতীয় ক্ৰিকেটৰ ভৱিষৎত নিৰ্ধাৰনৰ দায়িত্ব অসম সন্তান দেৱজিৎ শইকীয়া।প্ৰথমগৰাকী অসমীয়া বি চি চি আইৰ সচিব পদত নিৰ্বাচিত হল দেৱজিৎ শইকীয়া।জয় শ্বাহে আই চি চিৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে বি চি চি আইৰ সম্পাদক পদটোত নিৰ্বাচিত হৈছে দেৱজিৎ শইকীয়া।এতিয়া ক্ৰিকেটৰ তাৰকা বিৰাট কোহলী ৰহিত শৰ্মাৰ ভৱিষৎতো নিৰ্ভৰ কৰে এইজন অসম সন্তানৰ হাতত।দেওবাৰে বি চি চি আইৰ সম্পাদক হিচাপে প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰিছে দেৱজিৎ শইকীয়াই।সেই বিশেষ বৈঠকতে বি চি চি আইৰ শীৰ্ষ পদাধীকাৰি দেৱজিৎ শইকীয়াক বিশেষ পৰামৰ্শ আগবঢ়াই।দল নিৰ্বাচনৰ ক্ষেত্ৰত মূখ্য নিৰ্বাচক অজিত আগাৰকাৰক কঠোৰ বাৰ্তা দিবলৈ পৰামৰ্শ আগবঢ়ায় একাংশই।এতিয়া দেশৰ ক্ৰিয়াক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ নাম হৈছে দেৱজিৎ শইকীয়া।ভাৰতৰ ক্ৰিকেটৰ নীতি নিৰ্দেশনা বহুখিনি দায়িত্ব আহি পৰিছে এইজন অসমীয়াৰ হাতত।আনহাতে ১২ জানুৱাৰীত বি চি চি আইৰ বিশেষ সাধাৰণ বৈঠক অনুষ্ঠিত হ’ব।সেই বৈঠকতে বি চি চি আইৰ সচিব হিচাপে দেৱজিৎ শইকীয়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।এই ক্ষেত্ৰত দেৱজিৎ শইকীয়াৰ সফল ভূমিকাই নিশ্চয়কৈ এক নতুন গতি প্ৰদান কৰিব আহি থকা সময়ছোৱাত।