বি চি চি আইয়ে ঘোষণা কৰিলে এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ নাম

Share

নিউজ ডেস্ক, ৯ আগষ্টঃ২৭ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এছিয়া কাপ। সংযুক্ত আৰৱ আমিৰাটত অনুষ্ঠিত কৰা হ’ব এই প্ৰতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় টি-২০ প্ৰতিযোগিতাৰ বাবে সৰ্বমুঠ ১৫ জনীয়া দলটোৰ ঘোষণা কৰে বি চি চি আইয়ে। উল্লেখ্য যে এই প্ৰতিযোগিতা খনলৈ প্ৰত্যাৱৰ্তন কৰিছে কে এল ৰাহুল আৰু বিৰাট কোহলি।
 
উল্লেখ্য যে এই ১৫ জনীয়া দলটোৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী বিশ্বকাপৰ বাবে ভাৰতীয় দলটোৰ গঠন কৰা হ’ব বুলি চিন্তা-চৰ্চা চলোৱা হৈছে। এই ১৫ জনীয়া দলটোত থাকিব- ৰোহিত শৰ্মা, কে এল ৰাহুল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ,দীপক হুডা, ঋষভ  পন্ত, দীনেশ কাৰ্তিক, হাৰ্ডিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বিন, যুজাবেন্দ্ৰ চহল, ৰবি বিষ্ণুই, ভুৱনেশ্বৰ কুমাৰ , অৰ্শদীপ সিং আৰু আভেশ খান।

Leave a Reply

Your email address will not be published. Required fields are marked *