বসুন্ধৰা ৩.০ৰ আবেদনকাৰীসকলৰ বাবে ৰাজ্য চৰকাৰৰ ভাল খবৰ ।১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে সময়সীমা । বসুন্ধৰা ৩.০ৰ অধিনত ১০জানুৱাৰীৰ মাজনিশা ১১.৫৯বজালৈ আবেদন কৰিব পাৰিব আবেদনকাৰীসকলে। অর্থাৎ ১০ জানুৱাৰীৰ ১২ বজাত বন্ধ কৰা হ’ব আবেদনৰ এই প’ৰ্টেলটো ।উল্লেখ্য যে বসুন্ধৰা ৩.০ৰ বাবে যোৱা ১৫ অক্টোবৰত এই অধিসূচনা জাৰি কৰা হৈছিল। এই অধিসূচনা অনুসৰি ২০২৪ বৰ্ষৰ ৩১ ডিচেম্বৰৰ মাজনিশা ১১.৫৯ বজাৰ ভিতৰত আবেদন দাখিল কৰাৰ বাবে সময়সীমা বান্ধি দিয়া হৈছিল ।সেয়েহে এতিয়া চৰকাৰে এই সময়সীমা পুনৰ ১০ দিনৰ বাবে বৃদ্ধি কৰিলে আৰু জিলা আয়ুক্তসকলক এই বিষয়টো সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থাগ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।যাতে বাধা অভিহনে আবেদনকাৰীসকলে আবেদন দখল কৰিব পাৰে তাক লৈও ব্যৱস্থা প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে।