লোকসভাৰ নিৰ্বাচনৰ কাৰণে কংগ্ৰেছে ১৪টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে৷ এই তালিকা এতিয়া ছোনিয়া গান্ধীৰ টেবুলত৷ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত নহয় যদিও বহু প্ৰভাৱশালী নেতাৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে৷ বিজেপিৰ গুৱাহাটীৰ সাংসদ কুইন ওজাৰ সলনি বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক প্ৰাৰ্থিত্ব দিব বুলি চৰ্চা চলি আছে৷ তেনে সময়তে কংগ্ৰেছৰ তালিকাত গুৱাহাটী সমষ্টিৰ বাবে অন্তৰ্ভুক্ত হৈছে আন এগৰাকী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম৷
অৱশ্যে বৰষা ৰাণী বিষয়াই সন্মতি দিয়াটো এইপৰ্যন্ত নিশ্চিত হোৱা নাই৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মূৰকত মিত্ৰতা হ’বগৈ বুুলি চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছে ১৪টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে৷ ইয়াৰ লগে লগে কংেগ্ৰছে অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি চলোৱাটো স্পষ্ট হৈছে৷
এই প্ৰাৰ্থীৰ তালিকাত আছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডা, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত, কমলাক্ষ দে’ পুৰকায়স্থ আদিৰ নাম৷ তালিকাত বৰ্তমানৰ তিনিওজন সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকৰ নামো অন্তৰ্ভুক্ত হৈ আছে৷