বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ অনুষ্ঠিত হোৱা হাই-ভল্টেজ মেচ খনৰ সাফল্যৰ পাছত সংবাদ মেলৰ আয়োজন কৰিলে অসম ক্ৰিকেট সন্থাই । মেচখন সুকলমে অনুষ্ঠিত কৰাত পোৱা সকলোৰে সহায় সহযোগিতাৰ শলাগ লয় অসম ক্ৰিকেট সন্থাৰ নৱ নিযুক্ত সভাপতি তৰংগ গগৈয়ে । এই মেচখনৰ সফল পৰিসমাপ্তিৰ পিছতেই আগন্তুক দিনবোৰত বৰ্ষাপাৰাই আৰু ভাল ভাল টুৰ্ণামেণ্ট আয়োজন কৰাৰ বাবে সুবিধা লাভ কৰিব বুলি সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত আশা ব্যক্ত কৰিছে ।
লগতে মেচখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়া,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক ধন্যবাদ জ্ঞাপন কৰিলে এচিএৰ সভাপতি গৰাকীয়ে । মঙলবাৰৰ মেচখনত বিৰাট কোহলিৰ লগতে শ্ৰীলংকাৰ অধিনায়ক ডাচুন ছানাকাৰ শতক আৰু ভাৰতৰ তাৰকা বেটাৰদ্বয় ৰোহিত শৰ্মা আৰু শুভমন গিলৰ অৰ্ধশতকে বৰ্ষাপাৰা ষ্টেডিয়ামৰ বেটিং উপযোগী পিটছৰ সৌস্তভ বৃদ্ধি কৰিলে । আনহাতে গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ হোমগ্ৰাউণ্ড হিচাপে আই পি এলৰো দুখন মেচ অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰি থকাৰ কৰা উল্লেখ কৰিলে তৰংগ গগৈয়ে ।