গুৱাহাটী, সোমবাৰ ২০ নবেম্বৰ ২০২৩
বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ১৪০ কোটি ভাৰতীয়ৰ স্বপ্ন ভংগ কৰি টীম ইণ্ডিয়াক পৰাস্ত কৰিছিল অষ্ট্ৰেলিয়াই। ভাৰত বনাম অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ৫ খনীয়া শৃংখলাৰ প্ৰথম দুয়োখন মেচত টীম ইণ্ডিয়াই পৰাস্ত কৰিছে অষ্ট্ৰেলিয়াক। কালি কেৰেলাত অনুষ্ঠিত হোৱা দ্বিতীয় খন মেচত ৪৪ ৰানত ভাৰতে পৰাস্ত কৰে অষ্ট্ৰেলিয়াক।
কাইলৈ ২৮ নবেম্বৰত গুৱাহাটীৰ বৰ্ষা পাৰাত ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শৃংখলাৰ তৃতীয় খন খেল অনুষ্ঠিত হ’ব। জানিব পৰা মতে আজি বিয়লি ৫ বজাৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব ভাৰত অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ দ’ল দুটাই। ভাৰতীয় দলটোৱে হোটেল ৰেডিচন ব্লুত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ দলটো মহানগৰীৰ তাজ ভিভান্তাত থাকিব। মঙ্গলবাৰে সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব লগা ভাৰত – অষ্ট্ৰেলিয়াৰ টী ২০ তৃতীয় খন মেচ উপভোগ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। বৰষুণ নাহক বুলি কাইলৈ অসম ক্ৰিকেট সন্থাৰ কৰ্মকৰ্তাই পূজাও দিব বুলি জানিব পৰা গৈছে।