সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ নিৰ্দেশ বৰপেটা উপায়ুক্তৰ

Share

কবিতা দেৱী

৯আগষ্টঃ মাটিৰ অনাদায় ৰাজহ সমূহ শীঘ্ৰে আদায়ৰ ব্যৱস্থা কৰিবলৈ বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে সকলো চক্ৰ বিষয়া আৰু মৌজাদাৰক নিৰ্দেশ দিছে। কালি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত চক্ৰ বিষয়া আৰু মৌজাদাৰ সকলক লৈ আয়োজিত এখন সভাত উপায়ুক্ত গৰাকীয়ে কৰ সংগ্ৰহ প্ৰক্ৰিয়া দ্ৰুত আৰু নিয়মীয়া কৰাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ প্ৰতি মাহৰ শেষৰ দিনৰ ভিতৰত মাটিৰ খাজনা জমা দিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি ভূমি হস্তান্তৰ, নামজাৰী, আৱন্টন আদি কামবোৰ খৰতকীয়া কৰি তোলাৰ বাবেও চক্ৰ বিষয়া সকলক আহ্বান জনায়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে, প্ৰয়োজন সাপেক্ষে অন লাইন উন্নীতকৰণৰ বাবে মণ্ডল সকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। সত্ৰৰ মাটিৰ সঠিক জৰিপ কৰি সেইবোৰ বেদখল মুক্ত কৰাৰ বাবেও তেওঁ চক্ৰ বিষয়া সকলক নিৰ্দেশ দিয়ে। সভাত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *