মহম্মদ ইউনুছৰ নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰে যে আঠটা ৰাষ্ট্ৰীয় বন্ধ বাতিল কৰা হ’ব। অন্তৱৰ্তীকালীন চৰকাৰৰ ঘোষণা অনুসৰি বাংলাদেশে শ্বেখ মজিবুৰ ৰহমানৰ জন্ম বাৰ্ষিকী উদযাপন কৰাৰ লগতে শ্বেখ হাছিনা চৰকাৰে প্ৰৱৰ্তন কৰা কেইবাটাও ৰাষ্ট্ৰীয় বন্ধৰ দিন বাতিল কৰিছে। অন্তৱৰ্তীকালীন চৰকাৰৰ মু্খ্য উপদেষ্টাই এই কথা ঘোষণা কৰে যে ১৭ মাৰ্চত উদযাপন কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি মজিবুৰ ৰহমানৰ বাতিল কৰা বন্ধৰ দিনবোৰ হল “ঐতিহাসিক ৭ মাৰ্চ” দিন, ১৭ মাৰ্চত মজিবুৰ ৰহমানৰ জন্মদিন, ৫ আগষ্ট শ্বেখ হাছিনাৰ ভাতৃৰ জন্মদিন, ৮ আগষ্ট শ্বেখ হাছিনাৰ মাতৃৰ জন্মদিন, ১৫ আগষ্ট মজিবুৰ ৰহমানৰ মৃত্যু বাৰ্ষিকী, ১৮ অক্টবৰত শ্বেখ হাছিনাৰ কনিষ্ঠ ভাতৃৰ জন্মদিন, ৪ নৱেম্বৰত ৰাষ্ট্ৰীয় সংবিধামন দিৱস আৰু ১২ ডিচেম্বৰত স্মাৰ্ট বাংলাদেশ দিৱস।