ভাৰতবৰ্ষৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সোণাপুৰৰ বৈভৱ বৰ্ণিল বৰাই। চলিত বৰ্ষৰ ৫ অক্টোবৰত ডুবাইত অনুষ্ঠিত হোৱা শ্বৰিন কাই কাপ ২০২৫ ত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় কাৰীটে প্ৰতিযোগিতাখনত সোণাপুৰৰ বৈভৱ বৰ্ণিল বৰাই ১২ বছৰ অনুৰ্ধবৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কুমিটে আৰু কাটাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
সোণাপুৰৰ বৈভৱ বৰ্ণিলে বৰাই কৃষ্ণ ফুকনৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। লেংডন স্কুল অফ কাৰাটেৰ প্ৰশিক্ষাৰ্থী আছিল বৈভৱ বৰ্ণিলে বৰাই। এই কাৰাটে প্ৰতিযোগিতাখনত লাভ কৰা সফলতাৰ জৰিয়তে তেওঁ মালেছিয়াত নৱেম্বৰত অনুষ্ঠিত হবলগীয়া ইন্টাৰনেচনেল কাৰাটে চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছে। দেশবাসী লগতে অসমবাসীৰ বাবে এক সু-খবৰ ।