দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ৰাষ্ট্ৰপতি ভৱনত আজি শপতগ্ৰহণ কৰিলে বি আৰ গাভাই আৰু এই ন্যয়াধীশ কাৰ্য্যকাল থাকিব ৬ মাহৰ বাবে। মুখ্য ন্যায়ধীশ সঞ্জীৱ খান্নাৰ অৱসৰৰ বাবে নতুন মুখ্য ন্যায়াধীশ হিচাপে বি আৰ গাভাইৰ দায়িত্ব গ্ৰহণ কৰে। আৰু এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপতবাক্য পাঠ কৰোৱায়। এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহ মন্ত্ৰী অমিত শ্বাহ ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং লোকসভাৰ অধ্যক্ষ ওম বিৰলাসহ দহ বিশিষ্ট ব্যক্তিৰ সৈতে আৰু কেইবাগৰাকীও প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল।ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰা গাভাইৰ ১৯৬০ চনৰ ২৪ নৱেম্বৰ অমৰাৱতীত জন্ম হৈছিল।আৰু তেওঁ অধিবক্তা হিচাপে আইনী কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৮৫ চনৰ ১৬ মাৰ্চত আৰু উচ্চন্যায়ালয়ৰ ন্যায়াধীশ ৰাজা এছ ভনছালেৰ সৈতে ১৯৮৭ চনলৈ কাম কৰিছিল। ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈকে বম্বেত তেওঁ নিজাববীয়াকৈ ওকালতি আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ বম্বে উচ্চন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত ওকালতি কৰিছিল। আৰু তেওঁ বিভিন্ন অনুষ্ঠানৰ স্থায়ী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
নাগপুৰ পৌৰনিগম,অমৰাৱতী পৌৰ নিগম,অমৰাৱতী বিশ্ববিদ্যালয়কে ধৰি আদি তেওঁ বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত সহকাৰী চৰকাৰী আবেদনকাৰী হিচাপে ১৯৯২চনৰ পৰা ১৯৯৩ চনলৈ নিযুক্ত আছিল অতিৰিক্ত ন্যায়াধীশৰ পদলৈ উন্নিত হয় আৰু স্থায়ী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ হিচাপে বম্বেত নিযুক্তি লাভ কৰে। ২০০৫ চনৰ ১২ নবেম্বৰত ২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে বি আৰ গাভায়ে।