ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ন্যায়াধীশ গাভাইক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়।তেওঁ হিন্দী ভাষাত শপত গ্ৰহণ কৰে।ভূষণ ৰামকৃষ্ণ গাভাৰ কাৰ্যকাল ৬ মাহ।তেওঁ ২০২৫ চনৰ ২৩ নৱেম্বৰ তাৰিখে কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰিব।ন্যায়াধীশ গাভাইৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ,আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল,ন্যায়াধীশ সঞ্জীৱ খান্না লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল উপস্থিত থাকে।ন্যায়াধীশ গাভাই হৈছে বিহাৰ,কেৰালা আৰু চিকিমৰ পূৰ্বৰ গৱৰ্ণৰ আৰু ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ নেতা প্ৰয়াত আৰ এছ গাভাইৰ পুত্ৰ।ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে আগষ্ট ১৯৯২ ৰ পৰা জুলাই ১৯৯৩ লৈকে বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ সহায়ক চৰকাৰী অধিবক্তা আৰু অতিৰিক্ত চৰকাৰী অধিবক্তা হিচাপে কৰ্মৰত আছিল।তেওঁক ২০০০ চনৰ ১৭ জানুৱাৰীত নাগপুৰ বিচাৰপীঠৰ বাবে চৰকাৰী আৱেদনকাৰী আৰু চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হয়।ন্যায়াধীশ গাভাইক ২০০৩ চনৰ ১৪ নৱেম্বৰত উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হয়।তেওঁ ২০০৫ চনৰ ১২ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ পদত অধিস্থিত হয়।বিগত ছবছৰত সংবিধানিক আৰু প্ৰশাসনিক আইন,অসামৰিক আইন, অপৰাধ আইন,বাণিজ্যিক বিবাদ,বৈদ্যুতিক আইন,মধ্যস্থতা আইন,শিক্ষা বিষয়,পৰিৱেশ আইনকে ধৰি বিভিন্ন বিষয়ৰ সৈতে জড়িত গোচৰসমূহক প্ৰায় ৭০০ বিচাৰপীঠৰ সৈতে জড়িত আছিল।