অসমৰ এৰী সূতালৈ সন্মানীয় ”অ’ইকো-টেক্স ষ্টেণ্ডাৰ্ড-১০০” ৰ প্ৰামাণ্যতা

Share

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই জাৰ্মানীৰ পৰা আহে এই সুখবৰটো। অসমৰ প্ৰখ্যাত এৰী সূতালৈ প্ৰদান কৰা হৈছে সন্মানীয় অ’ইকো টেক্স ষ্টেণ্ডাৰ্ড ১০০ ৰ প্ৰামাণ্যতা। উল্লেখ্য যে অ’ইকো টেক্স প্ৰামাণ্যতা সাধাৰণতে পৰিৱেশ অনুকুল অৱস্থাত উৎপন্ন হোৱা তথ্য কোনোধৰণৰ হানিকাৰক দ্ৰব্য নথকা বস্ত্ৰৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। অসমৰ এৰী সূতাৰ বাবে ড’নাৰ মন্ত্ৰালয়ৰ অধীনৰ উত্তৰ-পূৰ্বাঞ্চল হস্তঁতাত আৰু বস্ত্ৰ উন্নয়ন নিগমলৈ এই প্ৰামাণ্যতা প্ৰদান কৰা হৈছে। এৰী সূতাই লাভ কৰা এই সফলতা অসমৰ বাবে গৌৰৱৰ মূহুৰ্ত বুলি এক্স হেণ্ডেলযোগে সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে অসমৰ এৰী সূতালৈ আগবঢ়োৱা এই স্বীকৃতিৰ পাছতে কেন্দ্ৰীয়  ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নিজৰ এক্স হেণ্ডেলযোগে এন ই এইচ এইচ ডি চিৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *