অপেক্ষা, উ९কণ্ঠা, উচাহ আৰু সৰ্বশেষত নিৰাশা । ভাৰতৰ ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এটা দুস্বপ্ন হৈ ৰ’ল ১৯ নবেম্বৰ, ২০২৩ৰ দিনটো ।দহখন মেচত অপৰাজেয় ধাৰা অব্যাহত ৰখাৰ পিচত টীম ইণ্ডিয়াক লৈ দেশবাসীয়ে দেখিছিল তৃতীয় বিশ্বকাপ জয়ৰ সপোন । প্ৰতিজন ভাৰতীয়ৰ আন্তৰিক আশা আছিলে ঘৰৰ মাটিত পুনৰ বিশ্বকাপ জয় কৰিব ৰোহিত বাহিনীয়ে । কিন্তু ১৪০ কোটি ভাৰতীয়ৰ স্বপ্ন ভংগ কৰি অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে জয় কৰিলে বিশ্বকাপৰ খিতাপ । ৬ উইকেটত ভাৰতক পৰাস্ত কৰিলে কেংগাৰু বাহিনীয়ে । সকলো ভাৰতীয়ৰ এটাই আশা আছিলে ২০০৩ চনৰ প্ৰতিশোধ লোৱা হ’ব ২০২৩ত । মেন ইন ব্লুৰ ওপৰত আছিল সকলোৰে বিশ্বাস । কিন্তু এই সকলোবোৰ প্ৰচেষ্টা অনৰ্থক কৰি ষষ্ঠবাৰৰ বাবে পুনৰ বিশ্বকাপ হাতত তুলি ল’লে অষ্ট্ৰেলিয়াই । নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াৰ অধিনায়ক কামিন্সে ভাৰতক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু তাতেই ৫০ শতাংশ মেচ জয় হৈছিল অষ্ট্ৰেলিয়াই ।
প্ৰথম ইনিংছত ৫০ অভাৰত ১০ টা উইকেট হেৰুৱাই ২৪০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ইয়াৰ বিপৰীতে কেংগাৰু বাহিনীয়ে ৪৩ অভাৰতে ২৪১ ৰাণ সংগ্ৰহ কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । মাত্ৰ ৪টা উইকেট হেৰুৱাই ৬টা উইকেটত বিশ্ব বিজয়ীৰ খিতাপ দখল কৰে অষ্ট্ৰেলিয়াই । বিশ্বকাপৰ চূড়ান্ত মেচখনত ভাৰতৰ হৈ বিৰাট কোহলী আৰু কে এল ৰাহুলে অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ট্ৰাভিছ হেড আৰু মামুচ লাবুচেনে শতক অৰ্জন কৰি দলটোক বিশ্ব জয়ৰ সোৱাদ দিয়ে ।
ভাৰতীয় বলাৰসকলৰ ভিতৰত মহম্মদ ছিৰাজে আৰু মহম্মদ চামীয়ে এটাকৈ আৰু বুমৰাহে ২টা উইকেট লয় । আনহাতে অষ্ট্ৰেলিয়াৰ মিছেল মাৰ্চে ৩টা , অধিনায়ক পেট কামিন্সে আৰু হেজেলউদে ২টাকৈ , এডাম জাম্পা আৰু গ্লেন মেক্স উৱেলে ১টাকৈ উইকেট লয় ।মামুচ লাবুচেনে কুলদীপ যাদৱক ৰাণ আউট কৰোৱাই ভাৰতৰ দশমটো উইকেট লয় ।ফাইনেলত দুৰ্দান্ত ক্ৰিকেট খেলৰ বাবে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে বিবেচিত হ’ল অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ ছিকন্দৰ । ফাইনেলত দুৰ্দান্ত ক্ৰিকেট খেলৰ বাবে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে বিবেচিত হ’ল অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড । শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিৰাট ক’হলি ।