জনজাতিকৰণ প্ৰদানক লৈ আটাছুৰ মিলন বুঢ়াগোহাঁইৰ বিস্ফোৰক  মন্তব্য

Share

ৰাজ্যত ছয় জনগোষ্ঠী জনজাতি প্ৰদানক লৈ আন্দোলন চলি থকাৰ মাজতে টাই আহোম ছাত্ৰ সন্থা সভাপতি মিলন বুঢ়াগোহাঁইয়ে বিস্ফোৰক মন্তব্য কৰে, তেখেতে সংবাদ মাধ্যমৰ কয় যে কংগ্ৰেছৰ দুগৰাকী আহোম জনগেোষ্ঠীৰ মুখ্যমন্ত্ৰী সদিচ্ছাৰ ভুলৰ  পৰিণাম ভুগিব  লগীয়া হৈছো জনগোষ্ঠীটোৱে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভুলৰ বাবে জনগোষ্ঠীৰ জনজাতিকৰণ জটিল হৈ পৰা বুলি কোৱাৰ পিছতে সৰৱ হৈ ওঠিছে বিভিন্ন দল সংগঠনৰ নেতৃত্ব। বুধবাৰে সৰুপথাৰত জনজাতিকৰণৰ দাবীৰে উলিওৱা সমদল কাৰ্যসূচী পৰা মিলন বুঢ়াগোহাঁই মন্তব্য ‘আহোম জনগোষ্ঠীৰ দুজনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈয়ে দীৰ্ঘদিন ৰাজ্যৰ শাসন চলোৱাৰ পিছতো জনজাতিকৰণৰ গুৰুত্বতা নিদিয়াৰ বাবে আজি টাই আহোমসকল ৰাজপথলৈ ওলাব আহিব লগা হৈছে,জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কংগ্ৰেছে যে এতিয়া ঘৰিয়ালৰ চকু পানী টুকিছে সেয়া এতিয়া দিনৰ পোহৰৰ দৰেই স্পষ্ট’ বুলি  তেওঁ কয়। তাৰ লগতে তেখেতে কয় যে ‘বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ওপৰত আস্হা আৰু ভৰশা আছে, ২৫ নবেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰলৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰেৰণ কৰিবলগীয়া প্ৰতিবেদনক লৈ আশাবাদী’ বুলি তেখেতে মন্তব্য কৰে। বিগত সময়ত কংগ্ৰেছ চৰকাৰে বিষয়টোত গাঁঠি লগাই থৈ যোৱাৰ বাবেই আজি ট্ৰাইবেল সংঘকে ধৰি কেইবাটাও সংগঠনে এতিয়া ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ সুযোগ পাইছে।কংগ্ৰেছে কৰা ভুলৰ পৰিণাম আজি কংগ্ৰেছে ভোগ কৰিছে বুলি দাবী কৰি মিলন বুঢ়াগোহাঁইৰ সকিয়নি  চৰকাৰলৈ ।কংগ্ৰেছে কৰাৰ দৰে ভুল যাতে এই চৰকাৰে নকৰে তাৰ বাবে সকীয়নি প্ৰদান কৰে। জনজাতি কৰণ প্ৰদান নকৰালৈকে সংগ্ৰাম অব্যাহত  থাকিব বুলিও হুংকাৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *