এইবাৰ অমৰনাথ যাত্ৰাৰ আৰম্ভণিতেই সংঘটিত হল এক ভয়ংকৰ দুৰ্ঘটনা।মংগলবাৰে অমৰনাথ যাত্ৰাৰপৰা পঞ্জাৱৰ হোছিপুৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিছিল এখন বাছে।বাছখনত আছিল ৪০ জনকৈ যাত্ৰী।এই ঘটনাত ১০জনকৈ লোক আহত হৈছে। তীৰ্থযাত্ৰী কৰিয়াই নিয়া বাছখনৰ ব্ৰেক-ফেইল হোৱাত জীৱন ৰক্ষা কৰিবলৈ চলন্ত বাছৰ পৰা জাপ দিলে তীৰ্থ যাত্ৰীয়ে। বাছখনৰ সকলো যাত্ৰী আছিল পঞ্জাৱৰ বাসিন্দা। জানিব পৰা মতে এই ঘটনা ৰণবান জিলাৰ ৪৪নং ৰাষ্টীয় ঘাইপথত সংঘটিত হৈছে। চলি থকা অৱস্থাতে বাছখনৰ হঠাৎ ব্ৰেক ফেইল হয়। পিছতে বাছখনৰ পৰা এজন এজনকৈ বহু কেইজন যাত্ৰীয়ে জাপ মাৰে। আহত সকলৰ মাজত আছিল এটি শিশুও। এইঘটনাৰ খবৰ পোৱাৰ পাছতে ভাৰতীয় সেনা আৰু আৰক্ষীৰ দল তাৎক্ষণিকভাৱে সেই স্হানত উপস্হিত হয়।নিয়ন্ত্ৰণহীন বাছখন অৱশ্য কোনো মতে পাহাৰীয়া পথৰ পৰা তলত পৰাৰ পৰা ৰক্ষা কৰেতেওঁলোকে। এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, যদিহে বাছখন খাৱৈত পৰিল হেতেন তেন্তে ডাঙৰ বিপদ হ’ল হয়। সেনা বাহিনীৰ কুইক ৰিয়েকচন টীমে এই বাছখনক উদ্ধাৰ কৰিছে। বাছখন উদ্ধাৰ কৰাৰ পাছতে এম্বুলেঞ্চক খবৰ দিয়া হয় আৰু আহতসকলক স্থানীয় মেডিকেল কেম্পত ভৰ্তি কৰোৱা হয় আৰু তাতেই প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।