গুৱাহাটীৰ ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীৰ পিছতেই গৌৰৱ গগৈয়ে সম্বোধন কৰিলে সংবামেল

Share

৮ ফেব্ৰুৱাৰীত দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এক বিস্ফোৰক তথ্য ফাদিল কৰাৰ উদ্দেশ্যৰে এখন সংবাদমেলৰ আয়োজন কৰে।সংবাদমেলত গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন বিস্ফোৰক তথ্য ৰাজহুৱা কৰে।বহু তথ্য ফাদিল হোৱাৰ পিছতেই বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে।কালিৰে পৰা বিভিন্ন ঠাইত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

কালি বিয়লি ৫ সহস্ৰাধিক লোকে বিজেপিৰ নেতৃত্বত প্ৰতিবাদী সমদল উলিয়াই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।যোৰহাট নগৰৰ জেডিএছএ খেলপথাৰত সমবেত হৈ “গৌৰৱ গগৈ হায় হায়” ধ্বনিৰে নগৰৰ মাজত এই প্ৰতিবাদ কৰে।প্ৰতিবাদত অংশগ্ৰহণ কৰিছে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

আনহাতে আজি গৌৰৱ গগৈয়ে গুৱাহাটীৰ ৰাজীৱ ভৱনত ১২ বজাত সংবাদমেল সম্বোধন কৰিছে।তেওঁৰ লগতে কংগ্ৰেছৰ বহুকেইজন কৰ্মী উপস্থিত থাকে।পাক লিংকৰ অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ আয়োজন কৰা সংবাদমেলত গৌৰৱ গগৈয়ে কয়- “প্ৰথম কথাটো হল কালি যি আঢ়ৈ ঘণ্টা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দেশৰ আৰু ৰাইজৰ সাংবাদিক সকলক সম্বোধন কৰি ,তাৰ মূল কাৰণ হৈছে যোৱা ১০ মাহত কংগ্ৰেছ দলৰ বৃদ্ধি পোৱা প্ৰতীক।যোৱা ৬ মাহত কংগ্ৰেছ দলে যিদৰে অসমৰ চুকে কোণে গোটৰ পৰা দললৈ নিজৰ সংগঠন সবল কৰিছে ,আমাৰ কথাখিনি ৰাইজৰ ওচৰত লৈ যাবলৈ সক্ষম হৈছে ,আৰু বিভিন্ন ধৰণৰ ঘাট –প্ৰতিঘাট নেওচি ,ভয় ভাবুকি নেওচি ,তেওঁৰ ওচৰত এছ আই টিৰ ৰিৰ্পট ৬ মাহ আগতেই জমা হ’ল ।” তেওঁ পুনৰ কয়-“যি সময়ত মোৰ পৰিবাৰ পাকিস্তানত আছিল।তেতিয়া সেই পইচা জমা কৰিবলৈ পাকিস্তানত একাউণ্ট খুলিবলৈ প্ৰয়োজন আছিল।কিন্তু ভাৰতলৈ অহাৰ সময়ত মোৰ পৰিবাৰে পাকিস্তানৰ একাউণ্ট বন্ধ কৰি আহিছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *