৭৫ সংখ্যক ৰাষ্ট্ৰীয় একোৱাটিক চেম্পিয়নশ্বিপত অসমৰ দুই কন্যাই গঢ়িলে অভিলেখ

Share
ডিজিটেল ডেস্কঃ অসমৰ দুই কন্যাই গঢ়িলে দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ। যোৱা ৬ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীৰ সৰুসজাই একোৱাটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ একোৱাটিক চেম্পিয়নশ্বিপত দুই কন্যাই গঢ়িলে ৰাষ্ট্ৰীয় অভিলেখ। ৯ ছেপ্তেম্বৰত অসম কন্যা আস্থা চৌধুৰীয়ে ১.০৩.০৭ মিনিট সময়েৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু ফ্লাই ইনভেন্টত স্বৰ্ণ পদক লাভ কৰে আস্থাই। আনহাতে, অসম কন্যা শিৱাংগী শৰ্মাই ১০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত ৫৭.৭৩ ছেকেণ্ডৰ সময়েৰে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় শিৱাংগীয়ে।
উল্লেখ্য যে ২০১৯ চনতে ভূপালত কেনিলা গুপ্তাই ৫৭.২৬ ছেকেণ্ড সময়েৰে এই ৰেকৰ্ড গঢ়িছিল। এই প্ৰতিযোগিতাত অসমে ৩টা স্বৰ্ণ পদক, ৪টা ৰূপ আৰু ১১টা ব্ৰঞ্জ পদক জয়েৰে তালিকাৰ ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়। তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় কৰ্ণাটকে। কৰ্ণাটকে মুঠ ১৪টা স্বৰ্ণ, ৪টা ৰূপ আৰু ১১টা ব্ৰঞ্জসহ মুঠ ২৯টা পদক লাভ কৰিবলৈ সক্ষম হয়।লগতে, অসমৰ আস্থা চৌধুৰীয়ে দুটাকৈ স্বৰ্ণ পদক জয় কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। আস্থা আৰু শিৱাংগী দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈৰ  পৰৱৰ্তী লক্ষ্য এছিয়েন গেমছ বুলি মন্তব্য কৰে আৰু অসম জীয়ৰী শিৱাংগী শৰ্মাই এছিয়ান গেমছত যোগত্যা অৰ্জন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *