অসমত ২০২৬ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে।শাসক বিৰোধী উভয় পক্ষয়ে নিৰ্বাচনৰ ৰণনীতি আৰম্ভ কৰিছে।বিহাৰত বিজেপিয়ে ৮৯ খন আসন লাভ কৰি NDA ৰ দ্বাৰা চৰকাৰ গঠন কৰা পাছতেই অসমত বিৰোধীৰ বাবে এক বৃহৎ প্ৰত্যাহবানৰূপে থিয় দিছে বিজেপি।বিজেপি চৰকাৰৰ সন্মুখত নিজকে শক্তিশালী প্ৰতিপন্ন কৰিবলৈ বিৰোধীয়ে মিত্ৰজোঁট গঠন কৰিছে।কংগ্ৰেছ,ৰাইজৰ দল,অসম জাতীয় পৰিষদে ঐক্যবদ্ধ হৈ ২০২৬ৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে।১২৬ টা সমষ্টিত বিৰোধীৰ স্থিতিয়ে বিজেপিৰ সন্মুখত প্ৰত্যাহবানৰূপে থিয় দিব আগন্তুক নিৰ্বাচনত।২০২৬ৰ বিধানসভা নিৰ্বাচন সমাগত হোৱাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষত প্ৰাৰ্থীকেন্দ্ৰীক আন্তঃকন্দলে দেখা দিছে।বিৰোধীৰ মাজত হোৱা ঐক্যয়ে বিজেপিক অধিক ক্ষিপ্ৰতাৰে প্ৰতিদ্বন্দিতা কৰিবলৈ জাগ্ৰত কৰিছে।বৰ্তমান ৰাজ্যত বিজেপিৰ স্থিতি অতি শক্তিশালী হোৱাৰ বাবে কোনো এটা দলে অকলে নিৰ্বাচন খেলি বিজেপিক পৰাভূত কৰা চৰকাৰ গঠন কৰাটো কোনো কাৰণেই সম্ভৱ নহয়।দেশৰ পুৰণি দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৰ্তমান অৱস্থা তেনেই শোচনীয়।তাৰোপৰি অসমৰ আঞ্চলিক দল যেনে অসম জাতীয় পৰিষদ,ৰাইজৰ দলক অসমৰ ৰাইজে বৰ্তমান বিশেষ অগ্ৰাধিকাৰ দিবলৈ সাজু হোৱা নাই।সেয়ে বিৰোধী দল কেইটাই ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে।
আগন্তক নিৰ্বাচনত বিজেপিৰ বাবে বিৰোধীৰ ঐক্যয়ে এক প্ৰত্যাহবান কঢ়িয়াই আনিব।কিয়নো বিৰোধীয়ে বিভিন্ন ৰণনীতি প্ৰয়োগ কৰি বিজেপিক হৰুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিব।বিভিন্ন সমষ্টিত বিৰোধীয়ে সেই সমষ্টিত বিশেষভাৱে চৰ্চাত থকা দলৰ চিনাকী তথা যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰি বিজেপিক শাসনৰ পৰা উফৰাবলৈ ন ন কৌশল প্ৰয়োগ কৰিব।বৰ্তমান সময়ত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ,কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ,অসম জাতীয় পৰিষদৰ লুৰিণ জ্যোতি গগৈয়ে কিছু কিছু ৰাইজৰ সমাদৰ লাভ কৰিছে।সেয়ে বিৰোধীৰ ঐক্যয়ে বিৰোধীক ১২৬ ৰ ভিতৰত ৬০ খন মান আসন লাভ কৰিবলৈ সহায় কৰিব।উচ্ছেদ,আঁচনিৰ বিৰোধীতা কৰি বিৰোধীয়ে ক্ৰমাগতভাৱে নিজৰ স্থিতি সবল কৰা দেখিবলৈ পোৱা গৈছে।প্ৰত্যাহবানৰ পৰিপেক্ষিতত বিৰোধীৰ ঐক্যয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে অধিক আশীৰ্বাদ স্বৰূপো হৈ পৰিব।বিৰোধীৰ মাজত বাহিৰত ঐক্যবদ্ধতা থাকিলেও ভিতৰত কিছু কিছু ক্ষেত্ৰত আন্তঃকন্দলে দেখা দিব।বিজেপিৰ সূদুৰ প্ৰসাৰী ৰণনীতি তথা ৰাজ্যৰ আন্তঃগাঠনিৰ বিকাশৰ লগতে নাৰী সবলীকৰণৰ বিশেষ আঁচনিসমূহে বিজেপিক ৰাজ্যবাসীৰ মাজত বিপুল সহাঁৰি লাভত সহায় কৰিব।সেয়ে আগন্তুক নিৰ্বাচনত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰা সম্ভাৱনা দেখা পোৱা গৈছে।