কামৰূপ জিলাৰ কুলশী নদীক ‘সংৰক্ষিত নদী’ হিচাপে ঘোষণা কৰাৰ দাবী

Share

অনালি শৰ্মা
ছয়গাঁও,১আগষ্ট : কামৰূপ জিলাত থকা কুলশী নদীক ‘সংৰক্ষিত নদী’ হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰে বিভিন্ন দল-সংগঠনে । এই নদীত থকা শিহুৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক । কিন্তু দুখৰ বিষয় যে যোৱা প্ৰায় এটা দশকত এই নদীৰ শিহুৰ সংখ্যা ব্যাপক হাৰত কমি অহাত প্ৰকৃতিপ্ৰেমীৰ লগতে বিভিন্ন দল সংগঠনেও উদ্বেগ প্ৰকাশ কৰিছে । লগতে ৰাজ্যৰ সমন্বয়-সংহতি-ঐক্যৰ ‘বহুবাক'(বহুভাষিক সাহিত্যি মঞ্চ,অসম)ৰ দৰে বৃহৎ অনুষ্ঠানৰ প্ৰধান সম্পাদক তথা সংবাদ-সাহিত্যালোচনীৰ পভঞ্জনৰ সম্পাদক দীপক শৰ্মাই এই ক্ষেত্ৰত দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনায় । তেখেতৰ মতে এই নদীত শিহু সংখ্যা হ্ৰাস হোৱাৰ একাধিক কাৰণ আছে । লগতে কয় এই কাৰণ চৰকাৰে স্বতন্ত্ৰ অনুসন্ধানকাৰী দলক নিয়োগ কৰি উদঘাটন কৰিব লাগিব । বিশ্ব খ্যাত কুলশী নদীৰ শিহুক জীয়াই ৰাখিবই লাগিব । তদুপৰি তেওঁ জনায় যে এই নদীৰ বহন ক্ষমতা বৰ্তমান দ্ৰুতগতিত কমি অহা দৃষ্টিগোচৰ হৈছে । যাৰ বাবে শিহুৰ বাসস্থান ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি শিহুৰ ক’লনিবোৰ ক্ৰমে জাৰাবাৰী, ২ নং জীয়াকুৰ, কুকুৰমাৰা আদি তাৎক্ষণিক সংৰক্ষণ কৰাৰ কথা কৈছে । অপৰিষ্কাৰ পানী আৰু ব্যাপক প্ৰদূষণো শিহুৰ সংখ্যা হ্ৰাসৰ কাৰণ বুলি কোৱাৰ লগতে কুলশী নদীক সংৰক্ষিত নদী হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰক লগতে শিহুবোৰক নিৰাপদে থকাৰো সুব্যৱস্থা কৰিব লাগে বুলি শৰ্মাই কয় । ইফালে মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধিয়ে কয় বিশ্বৰ বিভিন্ন ঠাইৰ পৰা কুলশী নদীত শিহু চাবলৈ অহা মানুহ অহে । কিন্তু এই শিহুলৈ নামি আহিছে এতিয়া ঘোৰ অমানিশা । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বন মন্ত্ৰীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন নেতা মদন দাসে কয় বিশ্বৰ বিভিন্ন ঠাইত শিহু বিলুপ্ত হৈছে । কিন্তু কামৰূপৰ কলহী নদীত আজিও বিদ্যমান । এই লৈ কামৰূপৰ সচেতন মঞ্চই অচিৰেই চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *