অসমৰ চিকিৎসাকৰ্মী বীণাপাণি ডেকাক প্ৰদান ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা

Share

অসমৰ স্বাস্হ্য খণ্ডৰ বাবে এক ডাঙৰ খবৰ।অসমৰ এগৰাকী জ্যেষ্ঠ চিকিৎসাকৰ্মীয়ে লাভ কৰিলে ভাৰতৰ স্বাস্হ্য খণ্ডৰ সন্মানীয় ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা ২০২৫।নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত নলবাৰীৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্হ্য বিষয়া কাৰ্যালয়ৰ লেডী হেলথ ভিজিটৰ বীণাপাণি ডেকাক প্ৰদান কৰা হয় এই বঁটা।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৱে প্ৰদান কৰে দেশৰ স্বাস্হ্য খণ্ডৰ এই শীৰ্ষ সন্মানীয় বঁটাটো।জানিব পৰা অনুসৰি কমাৰকুছি ব্লক প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ লেডী ভিজিটৰ বীণাপাণি ডেকা।মাতৃ আৰু শিশুৰ স্বাস্হ্যসেৱা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁৰ আদৰ্শগত অৱদানত স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয়।যোৱা ৩০ মে’ত প্ৰদান কৰা হয় এই বঁটা।উল্লেখ্য যে বীণাপাণি ডেকা প্ৰায় ২৮ বছৰ ধৰি স্বাস্হ্যখণ্ডত ৰাইজক সেৱা আগবঢ়াই আছে।

আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও বঁটাপ্ৰাপক বীণাপাণি ডেকাক সামাজিক মাধ্যমৰ জৰিয়তে শুভেচ্ছা জনাই তেওঁ এটা পোষ্টত লিখিছে যে-অসমৰ বাবে সমৃদ্ধিৰ বতৰা।তেখেতৰ নাম শ্রীমতী বীণাপাণি ডেকা।কর্তব্যসূত্রে অসমৰ স্বাস্থ্য খণ্ডৰ এগৰাকী জ্যেষ্ঠ কৰ্মী।প্রায় ডেৰ কুৰি বছৰৰ চাকৰি জীৱনত শ্রীমতী ডেকাৰ কর্মনিষ্ঠা আৰু ৰাইজলৈ আগবঢ়োৱা সেৱাই উজ্জ্বল নিদর্শন দাঙি ধৰিছে। আমাৰ সকলোৰে বাবে ভাল লগা বাতৰিটো হ’ল— নলবাৰীৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ লেডী হেল্থ ভিজিটৰ হিচাপে কৰ্মৰত জ্যেষ্ঠ কৰ্মচাৰী শ্রীমতী বীণাপাণি ডেকাৰ জনসাধাৰণক আগবঢ়োৱা সেৱাৰ বাবে ৩০ মে’ত তেখেতক মাননীয় ৰাষ্ট্রপতি শ্রীদ্রৌপদী মুর্মু ডাঙৰীয়ানীয়ে ভাৰতৰ স্বাস্থ্য খণ্ডৰ অন্যতম শীর্ষ ‘ফ্ল’ৰেন্স নাইটিংগেল বঁটা’ প্ৰদান কৰে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত আড়ম্বৰপূর্ণ অনুষ্ঠানত তেখেতে বঁটা গ্রহণৰ মুহূর্তটিয়ে আমাক সকলোকে অনুপ্রাণিত কৰিছে আৰু আশা কৰিছোঁ তেখেতৰ এই সাফল্যই স্বাস্থ্য খণ্ডৰ আনসকলকো প্রেৰণা যোগাব।শ্রীমতী ডেকা বাউদেউলৈ এই মুহূর্তত অসমবাসীৰ হৈ জনাইছোঁ অভিনন্দন।

উল্লেখযোগ্য যে এইবছৰৰ প্ৰায় ১৫ গৰাকী নাৰ্চ তথা চিকিৎসাকৰ্মীক ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স বঁটা ২০২৫ প্ৰদান কৰা হয়।মহাৰাষ্ট্ৰ,অন্ধ্ৰপ্ৰদেশ,তামিলনাডু,পশ্চিমবংগ আদি ৰাজ্যৰ লগতে উত্তৰ পূবৰ অৰুণাচল প্ৰদেশ,মণিপুৰ,মিজোৰাম আৰু অসমৰ এগৰাকীকৈ নাৰ্চক প্ৰদান কৰা হয় এই বঁটা।

Leave a Reply

Your email address will not be published. Required fields are marked *