দিল্লীত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় অপেন চেম্পিয়ন টাইকোৱাণ্ডো প্ৰতিযোগিতাত কাজিৰঙাৰ কাঞ্চনজংঘা টাইকোৱাণ্ডো একাডেমিৰ বৃহৎ সাফল্য৷উল্লেখযোগ্য যে, দিল্লীৰ আলকোটা ষ্টেডিয়ামত যোৱা ৪ আৰু ৫ জানুৱাৰীত অনুষ্ঠিত প্ৰতিযোগিতাত যোগদান কৰা অসমৰ ৬৪ জনীয়া দলে ১৬ টা সোণৰ, ১৪ টা ৰূপৰ আৰু ১২ টা ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে ভিতৰত কাজিৰঙা কাঞ্চনজংঘা একাডেমিৰ ছাত্ৰ-ছাত্ৰীয়ে ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় ।কাঞ্চনজংঘা একাডেমিৰ বিজয়ী দলটো মঙলবাৰে কাজিৰঙাত উপস্থিত হোৱাৰ পাছতে বিভিন্ন দল সংগঠনৰ লগতে ভাৰতীয় জনতা পাৰ্টী, বিজেপি যুৱ মৰ্চাই সকলোকে বিপুল আদৰণী জনায় ৷