অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ঐতিহাসিক জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অধ্যক্ষ ড° প্ৰতিভা ৰয়ৰ হাতেৰে প্ৰদান কৰা হব এই জ্ঞানপীঠ বঁটা । সোমবাৰে সন্ধিয়া ৰবীন্দ্ৰ ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত কাব্যঋষি নীলমণি ফুকনক প্ৰদান কৰা হ’ব কাব্য সাহিত্যৰ শ্ৰেষ্ঠ বঁটা জ্ঞানপীঠ । কবিতাৰে কথা কোৱা কাব্যঋষি নীলমণি ফুকনৰ লগতে তেওঁৰ পৰিয়ালক ৰবীন্দ্ৰ ভৱনলৈ সসন্মানেৰে লৈ অনাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।