অসম আৰু অসমীয়াক বিশ্ববাসীৰ ওচৰত পৰিচিত কৰি দিবলৈ বহু গৌৰৱী অসমীয়াই নিৰলস প্ৰয়াস কৰি্ আহিছে।
চহকী অসম বুৰঞ্জীক লৈ গৌৰাৱান্বিত এগৰাকী প্ৰবাসী অসমীয়াই শেহতীয়াকৈ অসমৰ বুৰঞ্জী বিশ্ববাসীৰ ওচৰলৈ লৈ যোৱাৰ লগতে ভৱিৰ্ষ্যত প্ৰজন্মৰ জ্ঞাত হোৱাৰ ক্ষেত্ৰত এক গুৰত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।অসমৰ সুসন্তান তথা প্ৰবাসী বিজ্ঞানী ড০ কিশোৰী মোহন কোঁৱৰে অসম বুৰঞ্জীৰ সকলো তথ্য অতি সোনকালে লাভ কৰাকৈ প্ৰস্তুত কৰি উলিয়াইছে বুৰঞ্জী ডট, কম (buronji .com)নামৰ এটা ৱেবচাইট ।য’ত সংযোগ কৰা হৈছে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে অসম বুৰঞ্জীৰ ২৭ টা অধ্যায়।
ছাৰ্চ ইঞ্জিন গুগলত প্ৰৱেশ কৰি সহজেই অসম বুৰঞ্জীৰ তথ্য, গৱেষণা পত্ৰ, বুৰঞ্জীমূলক ভিডিঅ’ ইতিহাসবিদৰ মতামত, কীৰ্তিস্তম্ভৰ সবিশেষ ইত্যাদি লাভ কৰাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰচেষ্টাত প্ৰবাসী বিজ্ঞানীগৰাকীৰ সম্পকীয় ভাতৃ ৰঞ্জন কোঁৱৰেও হাত উজান দিছে।
উল্লেখযোগ্য যে , ড০ কোঁৱৰে অসমীয়া ভাষা ইউনিকোডত লিখিব পৰাকৈ লুইত পেড নামৰ এটা ছফটৱেৰো প্ৰস্তুত কৰিছিল।ইয়াৰোপৰি ২০ টাতকৈও অধিক ছফটৱেৰ আৰু পেটেন্টৰ আৱিস্কা্ৰ কৰাৰ লগতে প্ৰায় এশটা গৱে্ষণাৰ কাম সফলতাৰে সম্পন্ন কৰিছে শিৱসাগৰত জন্মগ্ৰহণ কৰা বিজ্ঞানীগৰাকী ।সম্প্ৰতি ড০ কোঁৱৰে ককৰ্ট ৰোগৰ গাণিতিক গৱেষণাৰ জৰিয়তে প্ৰতিষেধক প্ৰস্তুত কৰাৰ এক গৱেষণাতো জড়িত হৈ আছে।