WPL ২০২৩ ৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে ,মুম্বাইৰ ইণ্ডিয়ানছ দলৰ হৈ খেলিছিল অসম কণ্যা জিণ্টিমণি কলিতাই। দেওবাৰৰ দিনা অনুষ্ঠিত হোৱা মুম্বাই ইণ্ডিয়ানছ অ’মেনছ আৰু দিল্লী কেপিটেলছ অ’মেনছত, নিজৰ দক্ষতাৰে WPL ফাইনেলত জয়ী খিতাপ আৰ্জন কৰে ।
প্ৰথম মহিলা প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলচক পৰাস্ত কৰি গৌৰৱ কঢ়িয়াই আনিলে ক্ৰীয়া জগতলৈ।WPLত জিণ্টিমণিৰ প্ৰথমটো উইকেট দখল কৰি , ধৰিলে এটা অসাধাৰণ কেটচ । যত হাত তালি বজালে স্বয়ং নিতা আম্বানীয়ে ।২২ গজৰ যুঁজত জীৱনৰ খেল খেলি বিশ্বৰ বুকুত বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হয় জিন্টিমণি কলিতাই। জিণ্টিমণিৰ এই সফলতাই অসমৰ লগতে সমগ্ৰ মংগলদৈ জিলালৈয়ো গৌৰৱ কঢ়িয়াই আনে।