পুনৰ বিশ্ব প্ৰেক্ষাপটত অসম কন্যাৰ জয়গান।অসমৰ উদীয়মান নৃত্য তাৰকা বিনীতা চেত্ৰীয়ে সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব ব্ৰিটেইনছ গট টেলেন্টত তৃতীয় স্থান দখল কৰি দেশক গৌৰৱান্বিত কৰিছে।৯ বছৰীয়া বিনীতাৰ শিৰত উজলিল দ্ধিতীয় ৰানাৰ্ছ আপৰ খিতাপ।ফলাফল ঘোষণাৰ পিছত বিনীতাই কয়, ‘মই অতি সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ।এয়া সৰ্বোত্তম অভিজ্ঞতা।মঞ্চত শক্তিশালী উপস্থিতি আৰু অনন্য নৃত্য শৈলীৰ বাবে পৰিচিত বিনীতাই চূড়ান্ত ৰাউণ্ডৰ পূৰ্বে তেওঁৰ নৃত্যশৈলীৰে সকলোকে আচৰিত কৰি তুলিছিল।ইয়াৰ পিছতে বিশ্ব মঞ্চত বিনীতাৰ যাত্ৰাক অসমৰ লগতে উত্তৰ-পূবত বহুলভাৱে উদযাপন কৰা হৈছে।তেওঁৰ দক্ষতা, মঞ্চৰ উপস্থিতি, আৰু নম্ৰতাক প্ৰশংসা কৰিছে অনুৰাগীসকলে।
বিশ্ব প্ৰেক্ষাপটত নিজৰ নাম উজলাবলৈ সক্ষম হোৱা বিনীতা চেত্ৰীৰ ঘৰ অসমৰ কাৰ্বি আংলং জিলাত।ৰাজস্থানৰ জয়পুৰৰ মাই অ’ন স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী বিনীতাৰ ঘৰ বোকাজানৰ অমৰাজানত।সৰুৰে পৰাই নৃত্যৰ প্ৰতি আগ্ৰহী বিনীতাই আনুষ্ঠানিক প্ৰশিক্ষণ লোৱাৰ পূৰ্বে ইউটিউব ভিডিঅ’ৰ পৰা নৃত্যৰ কৌশল অনুকৰণ কৰিছিল। বিনীতাৰ বাবে ব্ৰিটেইন’ছ গট টেলেণ্ট হৈছে তেওঁৰ “সপোনৰ মঞ্চ”। কিয়নো তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সাজু হৈ দৰ্শকৰ সন্মুখত থিয় হৈছিল।এই প্ৰতিযোগিতাত জয়ী হ’লে গোলাপী ৰঙৰ ৰাজকুমাৰীৰ ঘৰ এটা কিনাৰ নিৰীহ ইচ্ছাৰ কথা বিচাৰকৰ আগত প্ৰকাশ কৰিছিল বিনীতা চেত্ৰীয়ে।ভাৰত বিশেষকৈ উত্তৰ-পূবৰ বাবে এক ঐতিহাসিক ক্ষণ। কিয়নো অসমৰ কাৰ্বি আংলঙৰ ৯ বছৰীয়া বিনীতা চেত্ৰীয়ে বিশ্ব পৰিচিত ৰিয়েলিটি শ্ব’ ব্ৰিটেইনছ গট টেলেণ্ট ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী নৃত্যশিল্পী হিচাপে পৰিগণিত হৈছে।বিনিতাই ৩১ মে’ শনিবাৰে সন্ধিয়া ৭ বজাত অনুষ্ঠিত হোৱা লাইভ গ্ৰেণ্ড ফিনালেত তৃতীয় স্থান দখল কৰে।বিনীতা চেত্ৰীৰ এই সফলতাই এতিয়া সমগ্ৰ উত্তৰ-পূবক গৌৰৱান্বিত কৰিছে।