বাংগালুৰুত অসমীয়া অভিযন্তাৰ ৰহস্যজনক মৃত্যু 

Share

নিউজ ডেস্ক, ১৬ আগষ্টঃ এক চাঞ্চল্যকৰ ঘটনা। বহিঃৰাজ্যত মৃত্যুক সাৱতিলে অসমৰ এজন যুৱকে। বাংগালুৰুত নাৰায়ণপুৰৰ অভিযন্তা ত্ৰিদীপ কোঁৱৰৰ ৰহস্যজনকভাৱে মৃত্যু। বাংগালুৰুত এটা ব্যক্তিগত প্ৰতিষ্ঠানত অভিযন্তা হিচাপে কৰ্মৰত আছিল ত্ৰিদীপ।

ফুড অভিযন্তা হিচাপে এটা কোম্পানীত কৰ্মৰত অভিযন্তাগৰাকী আঠমহলীয়া বিল্ডিঙৰ পৰা পৰি মৃত্যু হয় । মৃত্যুৰ  দুদিনৰ পূৰ্বে পদোন্নতি লাভ কৰিছিল ত্ৰিদীপে। পৰিয়ালৰ সন্দেহ যে, পদোন্নতিয়ে ত্ৰিদীপৰ বাবে কাল হ’ল। ঈৰ্ষাত ভোগা কোনো সহকৰ্মীয়ে ত্ৰিদীপক পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে পৰিয়ালে । ত্ৰিদীপৰ অকাল মৃত্যুৰ খবৰে অঞ্চলজুৰি সৃষ্টি কৰিছে শোকৰ ছাঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *