চিৰিয়াখানাৰ তৃণভোজী প্ৰাণীৰ খাদ্যৰ বাবে কৃত্ৰিম পদ্ধতিৰে উৎপাদন কৰা হৈছে ঘাঁহ

Share

যুক্তা ৰাণী দাস

গুৱাহাটী,২৭ জুলাই:  ৰাজ্যিক চিৰিয়াখানাত তৃণভোজী জীৱৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা । অসম ৰাজ্যিক চিৰিয়াখানাত স্থাপন কৰা হৈছে এটা বিশেষ বৈজ্ঞানিক যন্ত্ৰ , তাৰ দ্বাৰা কৃত্ৰিম পদ্ধতিৰে প্ৰতিদিনে উৎপাদন কৰা হৈছে ৭ কুইন্টলতকৈ ঘাঁহ । এই ‘ Hydroponic grass machine ‘ দ্বাৰা উৎপাদিত ঘাঁহ সম্পূৰ্ণ পুষ্টিকৰ । চিৰিয়াখানাত বৰ্তমান ১৮০ খন প্লেট ব্যৱহাৰ কৰা হৈছে বৈজ্ঞানিক পদ্ধতিৰে ঘাঁহ উৎপাদনৰ কৰিবৰ বাবে । অতি কম সময়ৰ ভিতৰতে উৎপাদন হয় এই ঘাঁহ । চিৰিয়াখানাৰ শহাপহু , হৰিণাকে ধৰি অন্য তৃণভোজী জীৱক যোগান ধৰা হৈছে এই পুষ্টিকৰ খাদ্য । ২০২১ চনৰ জানুৱাৰী মাহৰ পৰাই আৰম্ভ কৰা হৈছে এই বিশেষ পদ্ধতি আৰু এই উৎপাদনৰ চোৱা-চিতা কৰে চিৰিয়াখানাৰ ‘ forest guard ‘ যাদৱ কলিতায়ে । এতিয়াৰে পৰা বাহিৰৰ সহায় নোলোৱাকৈয়ে চিৰিয়াখানাৰ ভিতৰতে তৃণভোজী জীৱ-জন্তুৰ বাবে কৃত্ৰিম ভাৱে খাদ্য উৎপাদন কৰা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *