গুৱাহাটীত ২৩ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব আছাম ষ্টাৰ্টআপ ফেষ্ট ২০২৩

Share

আছাম ষ্টাৰ্টআপ ফেষ্টিভেল ২০২৩ গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৷ উপস্থিত থাকিব গুগল, মাইক্ৰ’ছফ্টৰ চিইঅ’ৰ লগতে দেশৰ বহুকেইটা সফল ষ্টাৰ্টআপ উদ্যোগৰ বিষয়ববীয়া। অহা ২৩ আগষ্টৰ পৰা ২৫ আগষ্টলৈ গুৱাহাটীৰ আমবাৰীস্থিত অসম ষ্টাৰ্টআপ দ্য নেষ্টত অনুষ্ঠিত হ’ব আছাম ষ্টাৰ্টআপ ফেষ্ট ২০২৩।অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কয়, “আমাৰ লক্ষ্য হৈছে ৰাজ্যজুৰি সিঁচৰতি হৈ থকা সকলো ষ্টাৰ্টআপক এটা মঞ্চৰ অধীনত আনি উদ্যোগক সংযোগ প্ৰদান কৰা।” চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই ষ্টাৰ্টআপ ফেষ্টিভেল। ইয়াত উপস্থিত থাকিব গুগল, মাইক্ৰ’ছফ্টৰ দৰে কোম্পানীৰ চিইঅ’ৰ লগতে দেশৰ একাংশ সফল ষ্টাৰ্টআপ উদ্যোগী।বাহিৰৰ একাংশ সফল ষ্টাৰ্টআপ উদ্যোগীয়েও গুৱাহাটীত অংশ গ্ৰহণ কৰিব ৷ অসম উদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ ‘শান্তনু পূজাৰী’য়ে কয় যে- অসম ষ্টাৰ্টআপে Indian Institutes of Management চমুকৈ IIM, কলকাতাৰ সৈতে এই সন্দৰ্ভত ইতিমধ্যে এক চুক্তি সম্পাদন কৰিছে৷ অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আকৰ্ষণীয় ষ্টাৰ্টআপ গোট আৰম্ভ কৰিছে৷ মহানগৰী গুৱাহাটীত অহা ১১ আৰু ১২ অক্টোবৰত বিশেষ অস্ত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব সেনাৰ৷ অসম উদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনে কয় যে – অসমত এখন ষ্টাৰ্টআপ এক্সপ’ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *