যুক্তা ৰাণী দাস
কাজিৰঙাৰ ১৩, আগষ্ট : কাজিৰঙাৰ ৰাজপথত বনাঞ্চলৰ পৰা ওলাই অহা এটা গড়েঁ মুক্ত ভাৱে বিচৰণ কৰে আৰু কেবাখনো বাহনৰ ক্ষতিগ্ৰস্ত কৰে এই গড়ঁটোৱে । হালধিবাৰীত এখন বাবে খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰে এই গড়ঁটোক , তাৰে পিছতে গড়ঁটোৱে ক্ষতিগ্ৰস্ত কৰে ৰাজপথৰ কেবাখনো বাহন । বন বিভাগে গড়ঁটো বনাঞ্চলৈ খেদি পঠিয়াবলৈ ৬টাকৈ হাতীৰ ব্যৱহাৰ কৰে , কিন্তু এই পৰ্যন্ত গড়ঁটো বনাঞ্চলৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগে । বৰ্তমান সেই আঘাতপ্ৰাপ্ত গড়ঁটো ৰাজপথৰ কাষতেই বিচৰণ কৰি আছে বুলি জানিবলৈ পোৱা গৈছে ।