বনভূমি বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথম স্থানত অসম

Share

অসমত তীব্ৰতৰভাৱে বনভূমি বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। বিভিন্ন অঞ্চলৰ লগতে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহৰ এলেকাত একাংশ প্ৰব্ৰজিত লোকে  ৰাজ্যত ভূমি দখল  কৰি আহিছে। বেদখলকাৰীৰ অধিকাংশই প্ৰব্ৰজিত আৰু সন্দেহজনক লোক । বৰ্তমানলৈ ৰাজ্যত মুঠ ৩,৭৭,৫৩২.৬৩ হেক্টৰৰ বনভূমি  বেদখলকাৰীৰ কবলত পৰিছে । যাৰ ফলত বনভূমি দখলৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে প্ৰথম স্থানত আছে।

ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ ফলতো নামনি আৰু মধ্য অসমৰ চৰ-চাপৰিৰ লগতে বনভূমিসমুহৰ ভূমি অধিক মাত্ৰাত দখল হৈছে। সৰ্বাধিক ভূমি দখল সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত হৈছে আৰু ইয়াৰে এক তৃতীয়াংশৰো অধিক অভয়াৰণ্যৰ ভূমি দখল কৰা হৈছে। সমানে সমানে উজনিৰ পৰা নামনিৰ পৰাও ব্যাপকভাৱে ভূমি দখল হৈ আছে।  চৰকাৰী তথ্য অনুসৰি, ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমুহৰ মুঠ ১৬২.৮৪৯ বৰ্গ কিলমিটাৰ আৰু সংৰক্ষিত বনাঞ্চলসমুহৰ ৩৬২০৭৮.২০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত পৰিছে।

বনভূমি ৰোধ কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কিছুমান নিৰ্দেশনা দিছে যদিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীনত উচ্ছেদ অভিযান চলি আছে। কিন্তু এতিয়া পৰ্যন্ত এই সমস্যাৰ স্থায়ী সমাধান হোৱা নাই।

এনে পৰিস্থিতিত বেদখলকাৰীক প্ৰব্ৰজন আৰু অবৈধ ভূমি দখলে ৰাজ্যত অনাগত দিনত কেনেকুৱা পৰিস্থিতি কৰিব সেয়া সময়ত লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *