দীপাৱলীৰ পূর্বে আতচবাজীৰ ব্যৱহাৰ আৰু বিক্রী নিষিদ্ধ কৰাৰ কঠোৰ  নিৰ্দেশনা অসম প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ

Share
২৫ অক্টোবৰ: অসম প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডে (PCB) সমাগত পোহৰৰ উৎসৱ দীপাৱলীৰ পূর্বেই কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। ৰাজ্যখনত  গ্ৰীন ফটকাৰ বাহিৰে সকলো ধৰণৰ উচ্চ প্ৰাবল্যৰ ফটকা ফুটুৱাত নিষেধাজ্ঞা আৰোপ কৰিছে লগতে ৮ বজাৰ পৰা ১০ বজালৈহে ফটকা ফুটুৱাৰ অনুমতি প্রদান কৰিছে প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডে। উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্রণ কৰাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT) এই নিৰ্দেশ জাৰি কৰিছে আৰু পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে এই নিৰ্দেশ কাৰ্যকৰি হৈ থাকিব। ৰাজ্যিক প্রদূষণ সংস্থাটোৱে ৰাজ্যখনৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককো নিৰ্দেশনাসমূহ কাৰ্যকৰি কৰিবলৈ কৈছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে অবৈধ আতচবাজী জমা কৰা লোকসকলক আটক কৰিব। এই সম্পর্কে ৰাজ্যখনত লোৱা দৈনিক পদক্ষেপৰ প্ৰতিবেদন প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ ওচৰত দাখিল কৰিব লাগিব। এই কথা সদৰি কৰে প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি অৰূপ কুমাৰ মিশ্রই।

Leave a Reply

Your email address will not be published. Required fields are marked *