অসম আৰক্ষীত আৰম্ভ হ’ল ৬,৬৬২ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া

Share

বনিতা বড়ো

গুৱাহাটী,১৯ আগষ্টঃ পুনৰ আৰম্ভ হৈছে অস্থায়ীভাবে স্থগিত ৰখা অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া। বিধানসভা নিৰ্বাচনৰ বাবে অস্থায়ীভাবে স্হগিত ৰখা হৈছিল এই প্ৰক্ৰিয়া ।আৰক্ষী সঞ্চালকালক ভাস্কৰজ্যোতি মহন্তই এক নিৰ্দেশনাযোগে ঘোষণা কৰে। প্ৰথমাৱস্থাত ১৫ খন জিলা ক্ৰমে বিশ্বনাথ, চিৰাং,দৰং,ধেমাজি,ধুবুৰী,হাইলাকান্দি,হোজাই,যোৰহাট,মৰিগাঁও,কামৰূপ(ম), কাৰ্বিআংলং,শিৱসাগৰ,শোণিতপুৰ আৰু ওদালগুৰি জিলাত এই কনিষ্টবলৰ নিযুক্তি দিয়া হব। এই নিৰ্দেশনাযোগে পৰীক্ষাসমূহ ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব বুলি প্ৰকাশ কৰিছে ।

তাৰবাবে,অহা ২০ আগষ্টৰ পৰা এডমিড কাৰ্ডসমূহ ৱেবচাইটৰ পৰা ডাউনলড্‌ কৰিব পাৰিব বুলি প্ৰকাশ কৰা হৈছে । নিৰ্দেশনাত পূৰ্ৱে অৱৰ্তীণ হোৱা প্ৰাৰ্থীয়ে পুনৰ অৱৰ্তীণ হব নালাগে বুলিও প্ৰকাশ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *