মিজোৰাম সীমান্তত বনাঞ্চল বেদখল ৰোধ কৰিবলৈ অসমে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব

Share

সুপ্ৰিয়া তৰফদাৰ
অসম সীমান্ত এলেকাত মিজো বেদখলকাৰীয়ে সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত এটা গোচৰ তৰি বনাঞ্চলৰ যাতে এক ইঞ্চি মাটিও বেদখল কৰা নহয় সেইটো সুনিশ্চিত কৰিবলৈ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিব। সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰত অসম -মিজোৰাম সীমান্তত সংঘটিত হোৱা অভূতপূৰ্ব হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।যিহেতু গুলীয়াগুলী ঘটনাটো অসমৰ মাটিত সংঘটিত হৈছে অসম পুলিচ ইতিমধ্যে এটা গোচৰ ৰুজু কৰি তদন্তৰ ব্যৱস্থা কৰিছে বিশেষকৈ কি পৰিস্থিতিত সাধাৰণ মিজো নাগৰিকৰ হাতত লাইট মেছিন গান আৰু স্বয়ংক্রিয় অস্ত্র আহিল সেই কথা উদঘাটন কৰিবলৈ। মুখ্যমন্ত্ৰীয়ে আজি কয় যে কালি অসম পুলিচৰ ওপৰত আক্ৰমণ হোৱা এলেকাত আৰু অধিক পুলিচ মোতায়েন কৰা হৈছে কাৰণ ৰাজ্যৰ সাংবিধানিক সীমা সুৰক্ষা কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ।

মুখ্যমন্ত্ৰীয়ে কয় যে “আমি মিজোৰাম সীমান্তত স্থিতাৱস্থা বাহাল ৰখাৰ পক্ষপাতী আৰু মিজোৰামেও তাকে কৰাটো বিচাৰো যেতিয়ালৈকে আলোচনা মাজেদি সমস্যাটোৰ সমাধান নহয়।”

তেওঁ আৰু কয় যে অসম পুলিচে সংৰক্ষিত বনাঞ্চলৰ মাজত মিজোৰামে নিজৰ বুলি কোৱা পুলিচ চকীটো নিজৰ আয়তলৈ আনিছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত সেইটো।চি আৰ পি এফক হস্তান্তৰ কৰে যিহেতু কেন্দ্ৰীয় চৰকাৰেই দুয়োজন ৰাজ্যৰ সীমাবিবাদ সমাধান কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *