ৰাজ্য চৰকাৰৰ জৰুৰী ঘোষণা, মিজোৰাম ভ্ৰমণ বাতিলৰ আহ্বান

Share

ৰাজীৱ কলিতা

৩০ জুলাই: অসম চৰকাৰে প্ৰকাশ কৰিছে এক জৰুৰী ঘোষণা। অসমৰ পৰা মিজোৰামলৈ সাম্প্ৰতিক সময়ত ভ্ৰমণ পৰিহাৰ কৰিবলৈ অসমবাসীক আহ্বান জনাইছে অসম চৰকাৰে। অসম-মিজোৰামৰ মাজত সীমা বিবাদক কেন্দ্ৰ কৰি চলি থকা উত্তপ্ত পৰিস্থিতিৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, যোৱা ২৬ জুলাইত মিজো আৰক্ষীয়ে গুলীচালনাৰে অসম আৰক্ষীকে ধৰি অসামৰিক লোকক হত্যা কৰাৰ পিছত দেশজুৰি সমালোচনাৰ সন্মুখীন হৈছিল মিজোৰাম। কিন্তু ইয়াৰ পিছতো অসমৰ প্ৰতি শত্ৰুতাসুলভ আচৰণ অব্যাহত ৰাখিছে ৰাজ্যখনৰ প্ৰশাসনৰ লগতে দল–সংগঠনে।
গতিকে মিজোৰাম ভ্ৰমণ বা কোনো ব্যক্তিগত কাৰণতে যাতে অসমীয়া লোক মিজোৰামলৈ নাযায়, তাৰ বাবে আহ্বান জনাইছে চৰকাৰে। ইয়াৰ লগতে মিজোৰামত কৰ্মৰ খাতিৰত থকা অসমীয়া লোকসকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে অসম চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *