২০০ জন অচিনাক্ত অসম আৰক্ষীৰ বিৰুদ্ধে ৰুজু কৰা হল গোচৰ

Share

শোভাশ্ৰী বাৰিক

৩১ জুলাই: মিজোৰামৰ আৰক্ষী য়ে কোলাচিম জিলাৰ বৈৰাংটে নগৰৰ উপকণ্ঠত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য ৰ জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু ২০০ জন আৰক্ষীৰ বিৰুদ্ধে অপৰাধ মূলক গোচৰ ৰুজু কৰিছে। মিজোৰামৰ আৰক্ষী মহাপৰিদর্শক জন এনে লোকসকলক হত্যা ৰ চেষ্টা আৰু অপৰাধ মূলক ষড়যন্ত্ৰকে ধৰি ধাৰাৰ অধীনত অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিব দিয়ে।মিজোৰাম আৰক্ষী য়ে সীমান্ত নগৰৰ ওচৰত মিজোৰাম আৰু অসম আৰক্ষী বাহিনীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছত ২৬ তাৰিখে নিশা বৈৰাংটে আৰক্ষী থানাত এখন এজাহাৰ পঞ্জিয়ন কৰিছিল।২০০ জন অচিনাক্ত অসম আৰক্ষীৰ বিৰুদ্ধে ও গোচৰ ৰুজু কৰা হৈছিল। আনহাতে মিজোৰামৰ কেইজনমান বিষয়াৰ বিৰুদ্ধে অসম প্ৰশাসনে জাননী জাৰি কৰিছিল,আৰু লাইলাপুৰ ঘটনাক লৈও অসম আৰক্ষীয়ে মিজোৰাম আৰক্ষী ৰ বিৰুদ্ধ গোচৰ ৰুজু কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *