প্ৰাঞ্জল প্ৰতিম ডেকাৰ বিশেষ প্ৰতিবেদন
দিছপুৰ,৪আগষ্ট: আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন ।আজিও বিৰোধীৰ তীক্ষ্ণ প্ৰশ্নবাণৰ সন্মুখীন হয় শাসক পক্ষ । “Question Hour”ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি”ত হোৱা কেলেংকাৰী তথা ভুৱা কৃষকে ধন লাভ কৰাৰ সন্দৰ্ভত CBI তদন্ত বিচাৰি কৃষি মন্ত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ সময়তেই হঠাৎ মন্ত্ৰী অতুল বৰা কথাত মচগুল হৈ থকাৰ দৃশ্য দৃষ্টিগোচৰ হোৱাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অতুল বৰাক ক’লে:-“মন্ত্ৰী মহোদয়, Attentionদিয়ক ।কথা পিছতো পাতিব পাৰিব ।”
কেৱল এয়েই নহয়, গ্ৰামাঞ্চলত ঘৰ নিৰ্মাণ কৰোতেও ৰাজহ আদায় দিবলগীয়া নীতি প্ৰৱৰ্ত্তনৰ বিৰোধিতা কৰিবলৈ লওঁতেই বিধায়ক অখিল গগৈক পুনৰ অধ্যক্ষৰ নীতিশিক্ষা:-“ইয়াত প্ৰতিবাদ নচলে । বিধানসভাৰ বাহিৰ আৰু ভিতৰৰ কথা বেলেগ বুলি আগতেও কৈছোঁ ।”
উল্লেখ্য যে,গাঁৱৰ জনতাৰ ওপৰত কৰ আৰোপৰ বিৰোধিতাৰে বিধানসভাত প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল গগৈয়ে ।