বন্দনা হাজৰিকা
সমগ্ৰ অসমতে চাঞ্চ্যলৰ সৃষ্টি কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই ) নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত পাঁচ জনক জেৰা কৰিব এনফ’চমেণ্ট সঞ্চালক চমুকৈ ইডিয়ে । ইতিমধ্যে বিশেষ ন্যায়াধীশৰ আদালতে ইডিক এই অভিযুক্ত সকলক জেৰা কৰিবলৈ অনুমতি প্ৰদান কৰিছে । মূল অভিযুক্ত সঞ্জীত কৃষ্ণসহ , পি কে দত্ত , ৰূপম দাস, শৰৎ শৰ্মা আৰু ৰুবুল হাজৰিকাক জেৰা কৰিব ইডিয়ে । কাৰাগাৰৰ ভিতৰতেই এই অভিযুক্ত সকলক জেৰা কৰিবলৈ ইডিক অনুমতি দিয়া হৈছে। উল্লেখ্য যে নিযুক্তি পৰীক্ষাৰ পূৰ্বে এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল ।আৰু পৰৱৰ্তী সময়ত এই পৰীক্ষাত বৃহৎ ধনৰ লেনদেনৰ কথা পোহৰলৈ আহিছিল । ইয়াৰ পিছতেই গ্ৰেপ্তাৰ হৈছিল এই পাঁচজন মূল অভিযুক্ত ।