ৰাজীৱ কলিতা
৩০ জুলাই: আজি ঘোষণা কৰা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ মূল্যাংকন ফলাফল। ফলাফল অনুসৰি, এইবাৰ মেট্ৰিকত ৯৩.১০ শতাংশ উত্তীৰ্ণ হৈছে। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ।
এইবাৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল ৪,২৬,৫৫৩গৰাকী। ইয়াৰ ভিতৰত মূল্যায়নত ৮৮,৫২১গৰাকীক প্ৰথম বিভাগ, ১,৬০,২৯৮গৰাকীক দ্বিতীয় বিভাগ আৰু ১,৪৮,৩১৩গৰাকী তৃতীয় বিভাগ প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে এইবাৰ ফলাফল আন বছৰসমূহতকৈ পৃথক। কাৰণ এইবাৰ নাই কোনো স্থানপ্ৰাপ্ত ছাত্ৰ–ছাত্ৰী। সেয়েহে পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰ বিদ্যালয়সমূহত নাই আনন্দ–উল্লাস, নাই সেই উৎকণ্ঠা।